ডিগবৈত নিশা বনৰীয়া হাতী উপদ্ৰৱ ।
ডিগবৈত নিশা বনৰীয়া হাতী উপদ্ৰৱ ।
বিশেষকৈ ইটাভাটা অঞ্চলত যোৱা কিছু দিন ধৰি নিশা হাতীয়ে উপদ্ৰৱ চলাই আহিছে ।
বাৰীৰ গছ গছনি ক্ষতি ।
চিচি টিভি কেমেৰাত বন্দী হাতীৰ উপদ্ৰৱৰ দৃশ্য।
বনাঞ্চলৰ পৰা বনৰীয়া হাতীৰ জাক ওলাই আহি ঘৰ বাৰীত উপদ্ৰৱ চলাই তচনচ কৰে বাৰীৰ বাগিচা, গছ-গছনি। বন বিভাগ এটা আছে যদিও বন কৰ্মী প্ৰৰ্যাপ্ত নহয়। সম্প্ৰতি সন্ধিয়া নামি অহাৰ লগে লগে মানু্হে ঘৰৰ পৰা ওলাই অহাটো কঠিন হৈ পৰিছে। বিশেষকৈ ডিগবৈৰ ইটাভাটা, পানবাৰী, বালিজান, বৰজান আৰু বাপাপুং আদি অঞ্চলত বিদ্যুৎ লাইটৰ অভাৱ দেখা গৈছে। যাৰ বাবে হাতী আহিলে অন্ধকাৰৰ বাবে মানুহৰ চকুত নপৰে। ফলত যি কোনো মূহুৰ্তত দুৰ্ঘটনা হোৱাটো প্ৰকট হৈ পৰিছে।