হোজাই স্বাস্থ্য বিভাগে চলিত জুন মাহটো মেলেৰিয়া মাহ হিচাপে পালন।।

0

হোজাই স্বাস্থ্য বিভাগে চলিত জুন মাহটো মেলেৰিয়া মাহ হিচাপে পালন।।

ইতিমধ্যেই জিলা স্বাস্থ্য বিভাগৰ অধীনৰ মেলেৰিয়া বিভাগত কৰ্মৰত কৰ্মচাৰী সকলে জিলাখনৰ ৰাইজক মেলেৰিয়াৰ ওপৰত সজাগতা অনাৰ ক্ষেত্রত লৈছে পদক্ষেপ ।।

বৰ্তমানলৈকে হোজাই জিলাখনত মেলেৰিয়াত আক্ৰান্ত ৰোগীৰ সংখ্যা ৫ জন, ডেংগুত ১৬জন, একিউট এনকেফ্লাইটিছ ৰোগীৰ সংখ্যা ৬ জন।।
বৰ্তমান আটাইকেইজ ৰোগী ভাল হৈছে।।

কিন্তু জিলাখনৰ আন এজন যুৱকৰ ডায়েৰীয়া বেমাৰ হৈ গুৱাহাটীৰ GMC ত মৃত্যু হৈছে ।।

জিলা স্বাস্থ্য বিভাগৰ ফালৰ পৰা জিলাখনৰ চাৰিখন পৌৰ সভা ক্ৰমে হোজাই, লংকা,লামডিং আৰু ডৱকা পৌৰ সভাৰ ৰাইজক ইতিমধ্যেই উক্ত বেমাৰ সমূহৰ ওপৰত সজাগতা অনাৰ ক্ষেত্রত লৈছে পদক্ষেপ।।

জিলাখনৰ প্ৰায় ৫০ হাজাৰ মানুহৰ জ্বৰ হোৱাত তেওলোকক টেষ্ট কৰাৰ লগতে ৩ হাজাৰ মানুহক কিট টেষ্ট কৰা হৈছে যদিও বৰ্তমানলৈকে আন কোনো ব্যক্তিৰ দেহত মেলেৰিয়া পোৱা হোৱা নাই।।

এনেদৰে জানিবলৈ দিয়ে হোজাই জিলা স্বাস্থ্য বিভাগৰ যুতীয়া সঞ্চালক ডা° ৰঞ্জু ৰাজখোৱাই

Leave A Reply

Your email address will not be published.