ৰণক্ষেত্ৰত পৰিণত এখন বিদ্যালয়।

0

এখন বিদ্যালয়ৰ সন্মুখত দুই ফৈদৰ মাজত তয়াময়া ৰণ।

এখন বিদ্যালয় পৰিচালনা সমিতিৰ দুটা ফৈদৰ মাজত সংঘাত ।

এই নাভূত নাশ্ৰুত ঘটনা সংঘটিত হৈছে গোলকগঞ্জ শিক্ষাখণ্ডৰ ভাৰত বাংলাদেশ সীমান্তৰ
ৰাখালপাটৰ সীমান্ত বিদ্যা নিকেতন এম ই স্কুলত।

বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৌৰাংগ অধিকাৰীৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ চাউল আত্মসাতৰ অভিযোগ উত্থাপন কৰি পৰিচালনা সমিতিয়ে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰে সভাপতি সুধাংশু কৰ্মকাৰৰ লগতে একাংশ অভিভাৱকে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত জিলা আয়ুক্তৰ ওচৰত অভিযোগনামা দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

কিন্তু আজি বিদ্যালয় চলি থকাৰ মাজতেই
বিদ্যালয়ৰ সন্মুখত প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে

পৰিচালনা সমিতি আৰু অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰা সভাপতি সুধাংশু কৰ্মকাৰৰ লগতে একাং অভিভাৱকে।

আনফালে বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভানেত্ৰীৰ সৈতে একাংশ অভিভাৱক আগবাঢ়ি আহি সভাপতি আৰু অভিযোগ উত্থাপনকাৰী ৰাইজৰ সৈতে লিপ্ত তৰ্কত।

এক সময়ত তৰ্ক বিতৰ্ক চলি থকাৰ মাজতেই দুয়ো পক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয়।
আৰু হতাহতি এটা সময়ত মাৰপিটলৈ ৰূপান্তৰিত হয়। পিছত দুয়ো পক্ষই গোলকগঞ্জ থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰে।

Leave A Reply

Your email address will not be published.