আজি পৱিত্ৰ ঈদ-উল-আযহা।ইছলাম ধৰ্মালম্বী লোকসকলৰ এক আবেগ “ঈদ-উল-আযহা”।

0

ইছলামিক চন্দ্ৰবৰ্ষৰ জ্বিলহাজ মাহত উদযাপিত এক ধৰ্মীয় অনুষ্ঠান ঈদ-উল-আযহা বা কুৰৱানী ঈদ।ঈদ-উল-আযহা মুলতঃ আৰবী শব্দ যদিও ইয়াৰ অৰ্থ ত্যাগৰ উৎসৱ। সেয়েহে এই পৱিত্ৰ উৎসৱক ইছলাম ধৰ্মালম্বী লোকসকলে ত্যাগৰ উৎসৱ বা কুৰবানী ঈদ হিচাপে পালন কৰা পৰিলক্ষিত হৈ আহিছে।

ইছলাম ধৰ্মালম্বী লোকসকলৰ দ্বিতীয় বৃহৎ ধৰ্মীয় উৎসৱ হিচাপে পৰিগণিত ঈদ-উল-আযহাৰ দিনা মুছলমান লোকসকলে ফজৰৰ নামাজৰ অন্ততঃ সামুহিকভাবে ঈদগাহত দুই ৰাকাত নামাজ আদায় কৰাৰ শেষত সামৰ্থ্য অনুযায়ী ছাগলী,ভেড়া,উট আদি আল্লাহৰ নামত কুৰৱানী দিয়ে মুছলমান লোকসকলে।

Leave A Reply

Your email address will not be published.