খেলপথাৰৰ অভাৱত ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ মাজতেই বিপদসঙ্কুল ভাবে সেনা বাহিনীৰ বাবে শাৰীৰিক ব্যায়ামৰ অব্যাহত ৰাখিছে যুৱক-যুৱতীয়ে ।।
খেলপথাৰৰ অভাৱত ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ মাজতেই বিপদসঙ্কুল ভাবে সেনা বাহিনীৰ বাবে শাৰীৰিক ব্যায়ামৰ অব্যাহত ৰাখিছে যুৱক-যুৱতীয়ে ।।
মুখ্যমন্ত্রীৰ আস্বাস ও গল অথলে।।
আজি পুৱাই লংকা-নঁগাও সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভালুকমাৰীত দেখা গ’ল এক আচৰিত দৃশ্য।।
একাংশ নৱ প্ৰজন্মৰ যুৱক-যুৱতীয়ে পথতেই কৰি আছে শাৰীৰিক ব্যায়াম।। কিন্তু কিয়?
কাৰণ, বিগত মাৰ্চ মাহৰ পৰা লংকাৰ ভালুকমাৰীৰ সমিপত থকা খেলপথাৰখনত বিনয় দাস নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় সৈনিকে বিনা মাননীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিশেষকৈ ভালুকমাৰী, লংকা, জোৰাপুখুৰী, পাণ্ডাবস্তি আদি অঞ্চলৰ ৫০ ৰো অধিক শিক্ষিত যুৱক-যুৱতীক অসম চৰকাৰৰ লগতে ভাৰতীয় সেনাৰ চাকৰিত স্থান লাভ কৰাবলৈ কৰাই আছে শাৰীৰিক ব্যায়মৰ প্ৰশিক্ষণ ।।
কিন্তু বিগত দুমাহ ধৰি খেলপথাৰখনত পানী জমা হৈ থকা বাবে প্ৰশিক্ষণ লোৱাত অনুপযোগী হৈ পৰিছে খেলপথাৰখন ।।
সেইহে খেলপথাৰখনৰ কাষতেই থকা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভালুকমাৰী উৰণীয়া সেতুৰ সমিপত পথৰ ওপৰতেই ব্যায়মৰ প্ৰশিক্ষণ লোৱা পৰিলক্ষিত হৈছে এইসকল যুৱক-যুৱতীক ।।
এফালে, পথেৰে আহি আছে যানবাহন তাৰ মাজতেই বিপদ সংকুল ভাবে প্ৰশিক্ষণ লৈছে উক্ত প্ৰশিক্ষাৰ্থী সকলে।।
বিগত কিছু দিনৰ পূৰ্বে হোজাইৰ উৰণীয়া সেতু মুকলি কৰি শংকৰদেৱ নগৰত অনুষ্ঠিত হোৱা বিশাল জনসভালৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আহোতে প্ৰশিক্ষাৰ্থী সকলে মৌখিক ভাবে মুখ্যমন্ত্রীকো বিষয়টো অৱগত কৰাইছিল ।। মুখ্যমন্ত্রীয়ে যুৱক-যুৱতী সকলক আস্বাস দিছিল।। কিন্তু সকলো যেন বৰ্তমান ফুটুকা ফেনত পৰিণত ।।
সেইহে প্ৰশিক্ষাৰ্থী সকলৰ সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ দেশমাতৃৰ হৈ সৈনিকৰ চাকৰিত নিযুক্তি হোৱা আমাৰ সপোনৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে খেলপথাৰখনত প্ৰশিক্ষণ লৱ পৰাকৈ বিহিত ব্যবস্থা গ্ৰহণ কৰক ।।