হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ ২০২৩-২৪ বৰ্ষৰ ডেকাগিৰি বঁটা প্ৰদান কৰা হয় ।
হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ ২০২৩-২৪ বৰ্ষৰ ডেকাগিৰি বঁটা প্ৰদান কৰা হয় ।
হোজাই জিলাৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান, শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত ২০২৩-২৪ বৰ্ষৰ সন্মানজনক ডেকাগিৰি বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকা দেৱক।
হোজাই জিলা সদৰ শংকৰদেৱ নগৰত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় এই ডেকাগিৰি বঁটা ।
২০১৪ চনৰ পৰাই শঙ্কৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰই সমাজৰ একোজন বিশিষ্ট ব্যক্তিলৈ এই বঁটা প্ৰদান কৰি আহিছে।
হোজাইৰ শঙ্কৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰই আগবঢ়াই অহা সন্মানজনক “ডেকাগিৰি বঁটাত” আছে নগদ ২৫ হাজাৰ টকাৰ লগতে একোখন স্মাৰক পত্ৰ,ফুলাম গামোচা, চেলেঙ, শৰাইৰ লগতে এখন প্ৰশস্তি পত্ৰ।
বহুসংখ্যাক বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজৰ উপস্থিতিত,ডেকাগিৰি বঁটা প্ৰদানৰ উপৰিও সামাজিক ,সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা বিভিন্ন বৰঙণিৰ বাবে ৭ জনকৈ বৰেণ্য ব্যাক্তিক সমন্বয় বঁটা, সমাজমিত্ৰ বঁটা, প্ৰজ্ঞাসাধনা বঁটা ,সংবাদৰত্ন বঁটা, সমাজ হিতৈষী বঁটা, সমাজ সৌৰভ বঁটা বঁটা প্ৰদান কৰা হয় ।