দীৰ্ঘ দিন ধৰি ঠিকাদাৰ সুনীল গগৈৰ অধীনত কাম কৰাৰ পিছত জাহাঈীৰ হোছেনে পাৱলগীয়া আছিল পাঁচ লক্ষাধিক টকা

0

ধুবুৰী জিলাৰ ফলিমাৰী গাঁও পঞ্চায়তৰ ঘোৰামাৰা ২য় খণ্ড গাঁওৰ এগৰাকী দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা যুৱকক ঢকুৱাখানাত পৰিকল্পিত বাবে হত্যা কৰা হৈছিল যোৱা কেইদিনমান পৃৰ্ৱে ৷

লোকজনৰ নাম আছিল জাহাঈীৰ হোছেন ৷ঢকুৱাখনাৰ ঠিকাদাৰ সুনীল গগৈৰ অধীনত কাম কৰিছিল দৰিদ্ৰ ৰাজমিস্ত্ৰী জাহাঈীৰ হোছেনে ৷

দীৰ্ঘ দিন ধৰি ঠিকাদাৰ সুনীল গগৈৰ অধীনত কাম কৰাৰ পিছত জাহাঈীৰ হোছেনে পাৱলগীয়া আছিল পাঁচ লক্ষাধিক টকা ৷জাহাঈীৰ হোছেনে তেওঁৰ ঘৈণীয়েক ৩০/৫/২০২৪ ইং তাৰিখত কৈছিল লোকসভা নিৰ্বাচনৰ পিছত ঠিকাদাৰ সুনীল গগৈয়ে মোৰ পাৱলগীয়া টকাখিনি দিৱ টকাখিনি লৈ ঘৰলৈ যাম এই কথা মোৱাইল যোগে কৈছিল , তাৰ পিছৰ পৰাই ৰাজমিস্ত্ৰি জাহাঈীৰ হোছেন নিৰুদ্দেশ হৈ আছিল ৷

কিন্ত ঠিকাদাৰ সুনীল গগৈয়ে ৰাজমিস্ত্ৰিজন নিৰুদ্দেশ হোৱাৰ কথা তেওঁৰ পৰিয়ালৰ লোকক কোনো অৱগত কৰা নাছিল , আনকি ৰাজমিস্ত্ৰি জাহাঈীৰ হোছেন তাৰ কাম কৰি আছে নে? নাই সেই কথাও অৱগত কৰা নাছিল ৷

সেই দিনাই ৰাজমিস্ত্ৰিজনৰ শেষ কথা হৈছিল নিজ ঘৈণীয়েকৰ লগত ৷ৰাজমিস্ত্ৰিজনৰ পৰিয়ালৰ দুৰ অৱস্থাৰ খৱৰ পাই তেওঁৰ বাসগৃহত উপস্থিত হয় ধুবুৰী জিলা নাগৰিক মঞ্চৰ এটা প্ৰতিনিধিৰ দল ৷ৰাজমিস্ত্ৰি জাহাঈীৰৰ পৰিয়ালৰ লগত কথা—বৰ্তাকৈ পৰিস্থিতিৰ বুজলৈ কিছুমান আশ্বাস প্ৰদান কৰে প্ৰতিনিধিৰ দলটো ৷ইপিনে ধুবুৰী জিলা নাগৰিক মঞ্চই এইগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ ৰাজমিস্ত্ৰি জাহাঈীৰ হোছেনৰ হত্যাকাৰীক ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰি শাস্তিমৃলক ব্যৱস্থা কৰিবলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে যোৱা কালি ৷

আনকি জাহাঈীৰ হোছেনৰ হত্যাকাৰীক আইনৰ আওতালৈ আনিৱ লাগেওঁ বুলি ধুবুৰী জিলা নাগৰিক মঞ্চৰ দাৱী তোলে ৷ধুবুৰী জিলা নাগৰিক মঞ্চৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী , অগপ নেতা মহিবুল হকে কয় , ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইয়াতকৈ ডাঙৰ—ডাঙৰ সমস্যা সমাধা কৰি আহিছে , মোৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰাই জাহাঈীৰ হোছেনৰ হত্যাকাৰীৰ তদন্তৰ ব্যৱস্থা হাতত ললে কম দিনৰ ভিতৰতে হত্যাকাৰীৰ লগত কোন জড়িত আছে সেয়া ওলাই পৰিব ৷

Leave A Reply

Your email address will not be published.