এইবাৰ ধুবুৰীত আৰম্ভ ব্ৰয়লাৰৰ ছেণ্টিকেট ।

0

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ছিণ্ডিকেটৰাজ।

এইবাৰ ধুবুৰীত আৰম্ভ ব্ৰয়লাৰৰ ছেণ্টিকেট ।

হয়, দুৰ্নীতি, ছিণ্ডিকেটৰাজ মুক্ত কথা কোৱা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনতেই চলিছে এতিয়া বিভিন্ন ছিণ্ডিকেটৰাজ।
আৰু এই কথাই প্ৰমাণ কৰিছে ধুবুৰীৰ গোলোকগঞ্জত আৰক্ষী আটক কৰা বয়লাৰ ভৰ্তি বাহনে।

ব্ৰয়লাৰ ভৰ্তি পিক আপ ভেন এখন জব্দ কৰিলে ধুবুৰীৰ গোলোকগঞ্জ আৰক্ষীয়ে।

এক গোপন সূত্ৰৰ পম খেদি গোলকগঞ্জ থানাৰ যানবাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া উদয় ৰায়ৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ব্ৰইলাৰ কঢ়িওৱা AS -17B- 9832 নম্বৰৰ পিক আপভেন আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা ব্ৰয়লাৰ অসমত আমদানিত বার্ডফ্লুৰ নিচিনা ভয়ানক বেমাৰ বিয়পিব পাৰে বুলি ৰাজ্য চৰকাৰে নিষিদ্ধ কৰিছে যদিও, তথাপিও বহি: ৰাজ্যৰ পৰা ধুবুৰীলৈ অবৈধ ভাবে সৰবৰাহৰ হৈ আছে নিষিদ্ধ ব্ৰয়লাৰ।কাৰ নেতৃত্বত ধুবুৰীৰ চলিছে ব্ৰইলাৰৰ ছিণ্ডিকেট।ব্ৰইলাৰ ছিণ্ডিকেটত জড়িত আছে নেকি কোনোবা বিজেপিৰ নেতা পালিনেতা।এটেঞ্চন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ কঠোৰ নিৰ্দেশনাকো আওকাণ কৰি কিদৰে একাংশই চলাই গৈছে ছিণ্ডিকেটৰাজ।

Leave A Reply

Your email address will not be published.