চালেই চকু ৰোৱা এখন চৰকাৰী বিদ্যালয়।
চালেই চকু ৰোৱা এখন চৰকাৰী বিদ্যালয়।
নাম ডিগবৈ বালিকা বিদ্যা মন্দিৰ।
বিদ্যালয়খনত পাঠদানৰ সমান্তৰালকৈ শিক্ষাৰ্থীসকলৰ মাজত চলিছে সংগীত চৰ্চা
হয়, শিক্ষাৰ্থীসকলক পাঠদানৰ সমান্তৰালকৈ সফলতাৰে সংগীত চৰ্চাৰ প্ৰতি আগ্ৰহী কৰি তুলিছে ডিগবৈৰ এখন চৰকাৰী বিদ্যালয়ত।তৈল নগৰী ডিগবৈত ডিগবৈ বালিকা বিদ্যামন্দিৰৰ ছাত্ৰীসকলে বিদ্যালয়খনত কিতাপৰ শিক্ষা গ্ৰহন কৰা সমান্তৰালকৈ চলাই গৈছে সংগীত সাধনা ।দৈনিক ব্যস্ততাপূৰ্ণ সময়সূচীৰ মাজতো সময় মিলাই বিদ্যালয় খনৰ আগ্ৰহী ছাত্ৰী ক সংগীতৰ শিক্ষা দিবলৈ চেষ্টা কৰে শিক্ষক শিক্ষয়িত্ৰী সকলে ।বিদ্যালয়খনৰ কেইগৰাকীমান শিক্ষয়িত্ৰীৰ তত্বাৱধানত সংগীতৰ চৰ্চা কৰি আহিছে ছাত্ৰীসকলে ।আনহাতে এইখন বিদ্যালয়ৰে কেইবাগৰাকী প্ৰাক্তন ছাত্ৰীয়ে এতিয়া সংগীত জগতত সফলতাৰে কাম কৰি আছে ।