বান পীড়িতক আশা দি চেঁচাপানী ঢালিলে বিজেপিৰ সাংসদ,বিধায়কে।
বান পীড়িতক আশা দি চেঁচাপানী ঢালিলে বিজেপিৰ সাংসদ,বিধায়কে।
ঠিকেই,কামপুৰত বান পৰিস্থিতি বুজ ল’বলৈ আহি আধা বাটৰ পৰা উভতিল কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক জিতু গোস্বামী ৷
ক্ষোভত জ্বলিছে বানাক্ৰান্ত জনতা।
পানী দেখি পলাইছে এইবাৰ আমাৰ নেতা।
পিছে ক’ত এই ঘটনা?
ঘটনা কামপুৰত,বিগত এটা মাহতে দুবাৰকৈ বানে জুৰুলা কৰা কামপুৰৰ বান পৰিস্থিতি বুজ ল’বলৈ আহিল নৱ নিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাছা সহিতে বিধায়ক জিতু গোস্বামী,
কিন্তু বানপীড়িত অঞ্চল সমূহত গৈ দূৰ্গত সকলৰ খৱৰ লোৱাৰ বিপৰীতে কামপুৰ নগৰৰ পৰাই বিদায় ললে সাংসদ গৰাকী আৰু বিধায়কগৰাকীয়ে৷
কেৱল উন্নয়ন খণ্ডৰ বিষয়াক ফোন যোগে মথাউৰি মেৰামতি কৰিবলৈ নিৰ্দেশ দি আধা বাটৰ পৰাই উভতিল সাংসদ গৰাকী যাৰ বাবে ক্ষোভিত হৈ পৰিছে কামপুৰ চাংচকী গাঁৱৰ বৰ্ন্যাত সকল ৷
দুটাকৈ বানত কামপুৰ ৰাজহ চক্ৰৰ এশৰো অধিক গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে যদিও কেইটামান ৰিলিফ দি চৰকাৰে নিজৰ দ্বায়িত্ব সামৰিছে ৷ নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহা জনপ্ৰতিনিধি ৰাইজৰ দূৰৱস্থা সময়ত ৰাইজৰ কাষত নথকাটো এতিয়া আচৰ্যকৰ বিষয় হৈ পৰিছে।
আনহাতে কামপুৰত বান পৰিস্থিতি বুজ লবলৈ অহা সাংসদগৰাকীৰ লগতে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে কি কাৰণৰ আধা বাটৰ পৰাই ঘূৰি গ’ল সেইয়া এক ৰহস্যৰ বিষয় ৷
নে বিগত বানত কপিলী নৈৰ মথাউৰি নিৰ্মানত সংঘটিত কৰা দূৰ্নীতি সমূহৰ উত্তৰ ৰাইজে বিচাৰে বুলি বৰ্ন্যাতৰ কাষলৈ নগ’ল এইসকল নেতা পালি নেতা সেয়া এতিয়া একাংশ ৰাইজৰ প্ৰশ্ন।