সাৱধান,ভুলটো নাখাব কেইবিধমান পাচলি।
সাৱধান,ভুলটো নাখাব কেইবিধমান পাচলি।সেউজীয়া শাক পাচলি আপোনাৰ প্ৰিয় নেকি?:-যদি প্ৰিয় তেনেহ’লে এই প্ৰতিবেদন আপোনাৰ বাবে অতি জৰুৰী।-ৰাঞ্চিৰ আয়ুৰ্বেদিক চিকিৎসক তথা ঝাৰখণ্ড চৰকাৰৰ চিকিৎসা বিষয়া ভি.কে. পাণ্ডেৰ এক সমিক্ষাৰ মতে বাৰিষা কালত কেইবিধমান শাক পাচলি সম্পূৰ্ণৰূপে পৰিহাৰ কৰা দৰকাৰ।
কাৰণ এইকেইবিধ পাচলিৰ পৰা হ’ব পাৰে আপোনাৰ ফুড পয়জনিং দৰে সমস্যা।
বিশেষকৈ বাৰিষা কালত কচু,ফুলকবি,বন্ধাকবি,ৰঙা মৰিচা,পালেং শাক,মুলা শাক আদি খোৱাৰ পৰা সম্পূৰ্ণ বিৰত থকা দৰকাৰ।
কাৰণ, এই সময়চোৱাত এই কেইবিধ শাক পাচলিত লুকাই থাকিব পাৰে মাৰাত্মক বেক্টেৰিয়া, যি বেক্টেৰিয়া খালি চকুৰে মনিব নোৱাৰিব আপুনি।
যিহেতু বাৰিষা কালত পৰ্য্যাপ্ত পৰিমাণৰ ৰ’দ নাথাকে সেয়েহে ইয়াত গ্লুক’চিনলেট নামৰ এক মাৰাত্মক বেক্টেৰিয়া গজি উঠে যি বেক্টেৰিয়াই এলাৰ্জি বা সংবেদনশীলতা থকা মানৱ দেহত সমস্যাৰ সৃষ্টি কৰিব পাৰে।
সেয়েহে বাৰিষা কালত এইকেইবিধ শাক পাচলি খোৱাৰ পৰা বিৰত থাকক, সাৱধানে থাকক।