অসুস্থ ৰোগীক সম্পূৰ্ণ বিনামূলীয়াকৈ সময়মতে চিকিৎসালয়লৈ নি নিজৰ সমাজখনক সহায় কৰিবলৈ আৰম্ভ কৰিছিল

0

এইগৰাকী ব্যক্তিয়ে নিজৰ মটৰ চাইকেলখনকেই এম্বুলেন্সৰ ৰূপত ৰোগীক চিকিৎসালয়লৈ আনি পশ্চিম বংগৰ ধলাবাৰী আৰু ইয়াৰ আশে-পাশে থকা গাঁওবাসীক সহায় কৰি আহিছে।
পশ্চিমবংগৰ ধলাবাৰী গাঁৱৰ এইগৰাকী শ্ৰমিক কৰিমুল হকে নিজৰ অসুখীয়া মাতৃক চিকিৎসালয়লৈ অনাৰ সময়ত, পলমকৈ আহি পোৱাৰ বাবে মাতৃক হেৰুৱাবলগীয়া হৈছিল
মাতৃৰ বিয়োগৰ পাছত
৫৭ বছৰীয়া শ্ৰমিক কৰিমূল হকে এই শোকাৱহ ঘটনাটো পাহৰিবলৈ চেষ্টা কৰাৰ সমান্তৰালকৈ মাতৃৰ স্মৃতি সংৰক্ষণ কৰিবলৈকে কৰিমূলে ধন ধাৰে লৈ এখন মটৰ চাইকেল ক্ৰয় কৰি অঞ্চলটোৰ অসুস্থ ৰোগীক সম্পূৰ্ণ বিনামূলীয়াকৈ সময়মতে চিকিৎসালয়লৈ নি নিজৰ সমাজখনক সহায় কৰিবলৈ আৰম্ভ কৰিছিল।
তেওঁ বিশেষকৈ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত, স্বাস্থ্যজনিত সমস্যা থকা আৰু দ্ৰুত জৰুৰীকালীন ৰোগীক ২৪ ঘণ্টাই বিনামূলীয়া বাইক এম্বুলেন্সেৰে সেৱা আগবঢ়ায় সহায় কৰি গৈছে।
আৰু এইগৰাকী শ্ৰমিকৰ এই মহান কৰ্মৰ বাবে পদ্মশ্ৰী সন্মানেৰেও সন্মানিত হৈছে,
সেয়ে কওঁ মাতৃস্নেহত যদি মাতৃৰ স্মৃতি ধৰি ৰাখিব বিচাৰে তেনেহলে অনুসৰণ কৰক এইগৰাকী শ্ৰমিকক।

Leave A Reply

Your email address will not be published.