কোকৰাঝাত চাঞ্চল্যকৰ হত্যাকাণ্ড
কোকৰাঝাত চাঞ্চল্যকৰ হত্যাকাণ্ড।বন্ধুৰ হাতত প্ৰাণ গ’ল এগৰাকী যুৱকৰ।কোকৰাঝাৰ জিলাৰ বালাজান থানাৰ অন্তৰ্গত নিউ আমগুৰি গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।বন্ধু বাগা বসুমতাৰী ওৰফে ছকিওৱে চোকা অস্ত্ৰৰে ডিঙি কাতি হত্যা কৰে ডেৰহাচাত বসুমতাৰীক।নিউ আমগুৰি গাঁৱত সংঘটিত হত্যাকাণ্ডৰ পিছতে দেওবাৰে মাজনিশা কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মূল দোষী ছকীও বসুমতাৰীক।ছকীও বসুমতাৰী আৰু দেৰহাছাত বসুমতাৰী দুয়োজনেই আমগুৰিৰ একেখন গাঁৱৰ।আৰ্থিক বিবাদৰ ফলত দুয়োৰে মাজত কাজিয়া হোৱা বুলি জানিব পৰা গৈছে।মৃত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ।আনহাতে গাঁওবাসীয়ে অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।