ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰমৰমীয়া ভাবে চলিছিল নাৰী দেহ ব্যৱসায়, ধুবুৰীৰ পানবাৰীত নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত কৰিলে ৰাইজৰ।
ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰমৰমীয়া ভাবে চলিছিল নাৰী দেহ ব্যৱসায়, ধুবুৰীৰ পানবাৰীত নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত কৰিলে ৰাইজৰ।
ধুবুৰী জিলাৰ গৌৰীপুৰ পানবাৰীত ৰাইজে আটক কৰিলে কেইবাজনো মহিলাসহ পুৰুষ।ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পানবাৰীত জেল হক আৰু ছফিউৰ ৰহমান ওৰফে চফীৰ ঘৰত তেওঁৰ পত্নী জয়নৱ বিবিৰ নেতৃত্বত দীৰ্ঘ দিনৰ পৰা চলি আছিল নাৰী দেহ ব্যৱসায়।স্থানীয় ৰাইজে বহু বাৰ বিৰোধ কৰাৰ পিছতো এই অবৈধ ব্যৱসায় চলাই গৈছিল পৰিয়ালটোৱে। কিন্তু আজি ৰাইজ অতিষ্ঠ হৈ গোপন খবৰ ভিত্তিত ছয় সাত জনী মহিলা আৰু পাঁচ জন পুৰুষ আটক কৰিবলৈ সক্ষম হয়।উত্তেজিত ৰাইজে নাৰী দেহ ব্যৱসায় ঘাটিৰ ঘৰ দুৱাৰ আজবাহ ভাঙি চুৰমাৰ কৰাৰ লগতে বিছনা পত্ৰ আদি জ্বলাই দিয়ে।পিছত গৌৰীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজ প্ৰতিবাদ সাব্যস্ত কৰি নাৰী দেহ ব্যৱসায় বন্ধ কৰক জেল হক আৰু ছফিউৰ ৰাহমানক শাস্তি প্ৰদানৰ দাবী জনায়।গৌৰীপুৰ আৰক্ষীয়ে নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত ছয় জনী মহিলা আৰু পাচঁজন পুৰুষক আটক কৰি থানালৈ লৈ যায়।উল্লেখযোগ্য যে প্ৰতিবাদী ৰাইজৰ অভিযোগ মতে পৰিয়ালটোৱে বহু দিনৰ পৰা এই অবৈধ ভাবে এই ব্যৱসায় চলাই গৈছিল।