দৰঙৰ ধূলাত আছিনাক্ত মৃতদেহ উদ্ধাৰ ।

0

দৰঙৰ ধূলাত আছিনাক্ত মৃতদেহ উদ্ধাৰ ।

দৰঙৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত টাংনিঝাৰ গাঁৱৰ বাচ্চু শেষ নামৰ লোক এজনৰ পুখুৰীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো ।ৰাতিপুৱাই মৃতদেহটো পানীত উপঙি থকা দেখিবলৈ পাই পুখুৰীৰ গৰাকীয়ে ।
এই খবৰ বিয়পি পৰাৰ লগে লগে মৃতদেহটো প্ৰত্যক্ষ কৰিবলৈ ভিৰ কৰিছে শ শ ৰাইজে ।
মৃত ব্যক্তি জন ৪০ বছৰৰ অৰ্ধৰ বুলি অনুমান কৰা হৈছে ।
মৃতদেহটো কেইবাদিন ধৰি পুখুৰীৰ পানীত উপঙি থকাৰ সন্দেহ ।
কোনো দুষ্ট চক্ৰই হত্যা কৰি পুখুৰীত পেলায় থৈ যোৱাৰ সন্দেহ ।
বৰ্তমান লৈ মৃতদেহটো চিনাক্ত হোৱা নাই যদিও হিন্দু সম্প্ৰদায়ৰ লোক হোৱাৰ সন্দেহ প্ৰকাশ কৰে একাংশ ৰাইজে ।
উক্ত মৃতদেহটোক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ধূলা অঞ্চলত ।
জিলা প্ৰশাসন আৰু আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিলে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ।

Leave A Reply

Your email address will not be published.