ড্ৰাগছৰ বিৰুদ্ধে এককভাৱে সংগ্ৰাম চলাই আজি আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ দিনা বিশেষ চৰ্চাত টীয়কৰ এগৰাকী ব্যক্তি।
ড্ৰাগছৰ বিৰুদ্ধে এককভাৱে সংগ্ৰাম চলাই আজি আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ দিনা বিশেষ চৰ্চাত টীয়কৰ এগৰাকী ব্যক্তি।
আজি আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস।আজিৰ এই বিশেষ দিনটোত টীয়কৰ চেলেংহাটৰ এগৰাকী ৬০ উৰ্ধৰ ব্যক্তিৰ কথা চৰ্চালৈ আহিছে।ব্যক্তিগৰাকীৰ নাম তুষাৰ পাল।
২০১২ চনৰে পৰা নিৰন্তৰ ভাৱে একক প্ৰচেষ্টাত শদিয়াৰ পৰা ধুবুৰীলৈকে এই গৰাকী ব্যক্তিয়ে ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আজিৰ এই বিশেষ দিনটোত চৰ্চালৈ আহিছে।
পেচাত যদিও এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক তৎসত্তেও পুৱাই স্বাস্থ্য অমূল্য ধন কথাষাৰ শিৰোগত কৰি ঘৰতে এটি চেলেংহাট হেল্থ ক্লাৱ নামেৰে শৰীৰ চৰ্চা কেন্দ্ৰ স্থাপন কৰি নিজে দৈনিক কচৰৎ কৰাৰ লগতে অঞ্চলৰ বহুসংখ্যক যুৱকক শৰীৰ চৰ্চাৰ শিক্ষা প্ৰদান কৰি আহিছে ।
ড৹ আম্বেদকাৰ বঁটাকে ধৰি কেইটাও ৰাষ্ট্ৰীয় বঁটা,ৰাজ্যিক বঁটা লাভ কৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত ড্ৰাগছ তথা মাদক দ্ৰব্য সেৱন ক্ষেত্ৰত সজাগতা অনাৰ প্ৰয়াসেৰে ইতিমধ্যে কেইবাখনো চুটি ছবি,সজাগতামূলক গ্ৰন্থ প্ৰস্তত কৰি উলিয়াইছে।
যাৰ বাবে আজি এইগৰাকী ব্যক্তিক সকলোৱে মনত পেলাইছে।বিশেষকৈ শদিয়াৰ পৰা ধুবুৰীলৈ চাইকেল চলাই সজাগতা কৰা,উজনি অসমত গণ স্বাক্ষৰ অভিযান চলোৱা আদিবোৰ ড্ৰাগছৰ বিৰুদ্ধে তেওঁৰ অন্যতম যোগাত্মক পদক্ষেপ।
সমাজখনৰ পৰা যাতে ড্ৰাগছকে ধৰি মাদক দ্ৰব্যসমূহ সম্পূৰ্ণভাবে শেষ হয় তাৰ উদ্দেশ্যেৰে নৱ প্ৰজন্মক শাৰীৰিক শিক্ষা,যোগ শিক্ষা প্ৰদান,বিভিন্ন সজাগতামূলক অভিযানৰ লগতে প্ৰতিটো দিনতে ব্যস্ত থাকি ভাল পোৱা এইগৰাকী সমাজ সংস্কাৰকে আজিৰ এই বিশেষ দিনটোত সকলোকে পুনৰ এইসমূহ মাদক দ্ৰব্যৰ পৰা দূৰত থাকিবলৈ আহ্বান জনাইছে।