চিকিৎসালয়ে চিকিৎসালয়ে ঘুৰি ফুৰিছে যদিও চিকিৎসাৰ পৰা বঞ্চিত এগৰাকী ৰোগী।
ধোঁৱাচাঙত আয়ুস্মানকে ধৰি ৰাজ্য চৰকাৰৰ স্বাস্থ্যবিভাগৰ বিভিন্ন আঁচনি।
চিকিৎসালয়ে চিকিৎসালয়ে ঘুৰি ফুৰিছে যদিও চিকিৎসাৰ পৰা বঞ্চিত এগৰাকী ৰোগী।
অভিযোগ অনুসৰি ডিগবৈৰ এজন দৰিদ্ৰ পৰিয়ালৰ জটিল ৰোগত আক্ৰান্ত ৰোগীক চিকিৎসকে ভৰ্তি নকৰে চিকিৎসালয়ত ।
মগজুৰ জটিল ৰোগত আক্ৰান্ত হৈ সংকটজন অৱস্থাত বিচনাত পৰি আছে ডিগবৈৰ এইগৰাকী যুৱক ।
ডিগবৈৰ খেৰজান হালধীবাৰীৰ সাধাৰণ কৃষক পূৰ্ণকান্ত ফুকনৰ পুত্ৰ দেবেন ফুকনৰ এই অৱস্থা ।
চিকিৎসকে সাধাৰণ ঔষধ দুটামান প্ৰদান কৰিয়েই ঘৰলৈ ওভতাই পঠাইছে।
প্ৰথমে ডিগবৈত, তাৰ পাছত তিনিচুকীয়া আৰু তাৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত দেখুওৱা হয় । কিন্তু ডিব্ৰুগড় ৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰাত সংটকজন অৱস্থাত এম্বুলেন্সেৰে গুৱাহাটী লৈ নিয়া হয় ।
কিন্তু GMCH ত সাধাৰণ ভাৱে চায় ঔষধ দুটামান লিখি চিকিৎসকে লগে-লগে ঘৰলৈ ওভতাই পঠাই ।
এতিয়া চিকিৎসাৰ অভাৱত বিচনাতে জীৱন মৃত্যুৰে যুজি আছে যুৱক জন ।
চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ নিবলৈ দুখিয়া পৰিয়ালটোৰ হাতত ধন নাই ।
পৰিয়ালটো শোকত ভাগি পৰিছে ।
সেয়েহে কোনো সদাশয় ব্যক্তিক DIGBOI INDIAN BANK, AOD NEW MARKET BRANCH,ৰ একাউণ্ট নম্বৰ-7211676933
(IFSC- IDIB000D022) আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ নাইবা 6000512644 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।