ভালুকমাৰীৰ বন বেঙেনাআটীৰ ৮নং বাৰ্ডৰ পথৰ দুৰৰ্বস্থাৰ বাবে স্থানীয় ৰাইজৰ প্ৰতিবাদ।।

0

ভালুকমাৰীৰ বন বেঙেনাআটীৰ ৮নং বাৰ্ডৰ পথৰ দুৰৰ্বস্থাৰ বাবে স্থানীয় ৰাইজৰ প্ৰতিবাদ।।

উল্লেখ যে, লামডিং সমষ্টিৰ বন বেঙেনাআটীৰ ৮ নং বাৰ্ডৰ ৰাইজে এটা পথৰ বাবে জীয়াতু ভুগীব লগীয়াত হৈছে কাৰণ প্ৰতি বছৰে নিৰ্বাচনৰ সময়ত জন প্ৰতিনিধিসকলে বিধ্বস্ত পথচোৱা বনাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচন শেষ হ’লেই পিঠি দিয়ে ৰাইজক।

নিৰ্বাচনৰ সময়ত দিয়ে বাট-পথকে ধৰি ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি, কিন্তু সময়ত সকলো যেন ফোটুকাৰ ফেন।।

আজি পথৰ দূৰবস্হাৰ বাবে এনেদৰে বনবেঙেনাআটীৰ গাওঁৰ ৰাইজ ওলাই আহি পথৰ দুৰ্বস্থাকে ধৰি বিভিন্ন চৰকাৰী আচনী নোপোৱাৰ বাবে সাৱস্ত কৰে প্ৰতিবাদ।।

বিধায়কক বহু বাৰ পথৰ দূৰবস্হাৰ ওপৰত আবেদন নিবেদন দিও কোনো সু-ফল নাপাই শেষত সংবাদ মাধ্যমক মাতি প্ৰতিবাদ সাৱস্ত কৰে স্হানীয় পুৰুষ মহিলাই প্ৰতিবাদ।।

উল্লেখ যে, উক্ত পথৰে সামান্য এজাক বৰষুণ পৰিলেই পথৰ দূৰবস্হাৰ বাবে যান-বাহানটো বাদেই চাইকেল এখন লৈ যাৱ নোৱাৰে স্হানীয় ৰাইজ, পথৰ দূৰবস্হাৰ বাবে স্কুললৈ যাৱ নোৱাৰে ছাত্র-ছাত্ৰী।।

আনকি শিক্ষিত যুৱতীয়েও সৈনিক চাকৰিত যোগদান কৰিবলৈ নিজৰ গাওৰ পথটোৰ দূৰবস্হাৰ বাবে পুৱতী নিশা কৰিব নোৱাৰে দৌ’ৰৰ অনুশীলন।।

আনকি, ১০০ টা পৰিয়াল থকা উক্ত গাওখনলৈ পথৰ দূৰৱস্হাৰ বাবে নাহে মৃত্যুঞ্জয় সেৱা এম্বুলেন্সকে ধৰি আন ব্যক্তিগত এম্বলেঞ্চ।।

সেইহে আজি স্হানীয় পুৰুষ মহিলা, যুৱক-যুৱতী উলাই আহি সাৱস্ত কৰে প্ৰতিবাদ।।

জনপ্ৰতিনিধিৰ পৰা সুফল নাপাই শেষত কাষ চাপে সংবাদ মাধ্যমৰ ।

Leave A Reply

Your email address will not be published.