নগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী
লাওখোৱা কাণ্ডৰ বিৰুদ্ধে আমছুৰ এই প্ৰতিবাদ।নগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী
লাওখোৱা কাণ্ডৰ বিৰুদ্ধে আমছুৰ এই প্ৰতিবাদ।উল্লেখ্য যে লাওখোৱা অভয়াৰণ্যৰ ধিংবৰীছাপৰিত বন কৰ্মীৰ গুলীত প্ৰাণ হেৰুৱাইছিল একেখন ঘৰৰে দুই ভাতৃয়ে।সংৰক্ষিত বনাঞ্চলত মাছ ধৰাৰ অপৰাধতে গুলীয়াই হত্যা কৰা হৈছিল দুই ভাতৃক।আমছুৰ চৰকাৰলৈ প্ৰশ্ন মানুহৰ জীৱনৰ মূল্য ইমানেই কম নেকি যে সাধাৰণ অপৰাধতে গুলীয়াই হত্যা কৰিব।সাধাৰণ লোকক গুলীয়াই হত্যা কৰিবলৈ বনকৰ্মীয়ে অধিকাৰ পালে কত?বনাঞ্চলত মাছ ধৰাৰ অপৰাধত গ্ৰেপ্তাৰ নকৰি গুলীয়াই হত্যা কৰা হ’ল কিয়?প্ৰতিবাদকাৰীৰ অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুছলমানৰ বিৰুদ্ধে এয়া পৰিকল্পিত হত্যাকাণ্ড।প্ৰতিবাদকাৰীৰ হুংকাৰ, ভুক্তভোগীয়ে ন্যায় নোপোৱালৈকে আমছুয়ে প্ৰতিবাদ কৰি যাব।মুখ্যমন্ত্ৰীৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তক লৈ সুখী নহয় প্ৰতিবাদকাৰী।ন্যায়িক তদন্তৰো দাবী জনালে প্ৰতিবাদকাৰীয়ে।ভুক্তভোগী পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদানৰ দাবী প্ৰতিবাদকাৰীৰ।প্ৰায় দুই শতাধিক আমছুৰ সদস্যৰ অংশগ্ৰহণ প্ৰতিবাদী কাৰ্যসূচীত।নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপতে গ্ৰহণ কৰা হৈছে এই প্ৰতিবাদী কাৰ্যসূচী।