নিশা চাপৰ’ৰ খুটাপাৰা প্ৰথম খণ্ডত সংঘটিত হয় মাৰপিটৰ ঘটনা।
নিশা চাপৰ’ৰ খুটাপাৰা প্ৰথম খণ্ডত সংঘটিত হয় মাৰপিটৰ ঘটনা।
ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত খুটাপাৰা প্ৰথম খণ্ডত ভূমি কেন্দ্ৰীক সংঘাতৰ ফলত সৃষ্টি হয় ভয়ংকৰ মাৰপিটৰ ঘটনা।
দীৰ্ঘদিন ধৰি এডোখৰ ভূমিক লৈ দুটি পৰিয়ালৰ মাজত চলি থকাৰ মাজতে বুধবাৰৰ নিশা সংঘটিত হয় এই মাৰপিটৰ ঘটনা।
জানিব দিয়া মতে পৰিয়ালটোৱে পথাৰত গৰু এৰাল দিয়াৰ পিছত পৰিকল্পিত ভাবে আনটো পক্ষৰ ৰতন ৰায় নামৰ ব্যক্তি জনে গৰুটো নিজ ঘৰত বান্ধি থৈ দিয়ে।
পিছত যেতিয়া পৰিয়ালৰ লোকে গৰুটো আনিবলৈ যায় তেতিয়ায় ৰতন ৰায়,বিগু দাস আৰু বাবলু উৰাও নামৰ লোককেইজনে দলবদ্ধ ভাবে আক্ৰমণ কৰাৰ লগতে মহিলাৰ কাপোৰ ফালি শ্লিনতাহানি কৰাৰ অভিযোগ উত্থাপন কৰে।
মাৰপিটৰ ফলত ভাৰত উৰাও, বুলবুলি উৰাও,বাসন্তি উৰাও,ৰাহুল উৰাও, ৰশ্মী উৰাও নামৰ পুৰুষ মহিলা কেইজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
আঘাতপ্ৰাপ্ত সকলক ততাতৈয়াকৈ চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
উক্ত ঘটনা সন্ধৰ্ভত ভুক্তভোগীয়ে চাপৰ আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰে