সাপে দংশন কৰা ৰোগীৰ ক্ষেত্ৰত পৰ্য্যাপ্ত পৰিমাণৰ সুবিধা আছে হোজাইৰ জিলা অসামৰিক চিকিৎসালয়ত।।

0

সাপে দংশন কৰা ৰোগীৰ ক্ষেত্ৰত পৰ্য্যাপ্ত পৰিমাণৰ সুবিধা আছে হোজাইৰ জিলা অসামৰিক চিকিৎসালয়ত।।

সাপে দংশন কৰা ৰোগীৰ বাবে চিকিৎসালয়খনত বিশেষকৈ দুখন বিচনা ৰখা হৈছে ।।বৰ্তমান জুন মাহৰ আজিলৈকে ৪৫ টা সাপে দংশন কৰা ৰোগীক জিলা অসামৰিক চিকিৎসালয়লৈ আহিছে আৰু তাৰে ২/৩ জন মানহে বিষাক্ত সাপে দংশন কৰা ৰোগী।।সকলোকে চিকিৎসা কৰা হৈছে আৰু লগতে সকলো সুস্থ ও হৈছে।।

বৰ্তমানও হোজাই জিলা অসামৰিক চিকিৎসালয়ত এজন সাপে দংশন কৰা ৰোগীক চিকিৎসা প্ৰদান কৰা হৈ আছে ।।বৰ্তমানলৈকে সাপে দংশন কৰা ৰোগী হোজাই জিলাত মৃত্যু মুখত পৰা নাই।।বৰ্তমানো এন্টি ভেনম ইঞ্জেকশন ১৬৮ টা হোজাই জিলা অসামৰিক চিকিৎসালয়ত মজুত আছে।।আৰু সাপে দংশন কৰা ৰোগীৰ বাবে যি ব্যবস্থা কৰিব লাগে তাক অতিসোনকালে তাৎক্ষণিক ভাবে দিয়া হয় ।।এনেদৰে জানিবলৈ দিয়ে হোজাই জিলা অসামৰিক চিকিৎসালয়খনৰ অধ্যক্ষ ডা° বাসুদেৱ মালাকাৰে।।

Leave A Reply

Your email address will not be published.