গ্ৰন্থ দিৱস উপলক্ষত টীয়কৰ সদাব্যস্ত ব্যৱসায়িক প্ৰতিষ্ঠানত গ্ৰন্থদান পাত্ৰ স্থাপন কৰি আদৰ্শ দেখুৱালে বলমা ‘ক’ শিক্ষাখণ্ডৰ শিক্ষকসকলে
গ্ৰন্থ দিৱস উপলক্ষত টীয়কৰ সদাব্যস্ত ব্যৱসায়িক প্ৰতিষ্ঠানত গ্ৰন্থদান পাত্ৰ স্থাপন কৰি আদৰ্শ দেখুৱালে বলমা ‘ক’ শিক্ষাখণ্ডৰ শিক্ষকসকলে
TEOK:আজি যোৰহাট দিৱস।যোৰহাট দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ত গ্ৰন্থ দিৱস উদযাপন কৰা হৈছে।তদুপলক্ষে পূব যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত বলমা ‘ক’ মণ্ডলৰ উদ্যোগত টীয়কৰ অন্যতম ব্যস্ত ব্যৱসায়িক প্ৰতিষ্ঠান ফুড ভিল্লা প্ৰাংগণত এটি গ্ৰন্থদান পাত্ৰ মুকলি কৰা হয়।উক্ত গ্ৰন্থদান পাত্ৰ মুকলি অনুষ্ঠানটি অসম লেখিকা সমাজৰ প্ৰকাশন সচিব বিশিষ্ট লেখিকা যোগমায়া সন্দিকৈ উপস্থিত থাকি এগছি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে।তাৰ পাছতে গ্ৰন্থদান পাত্ৰটি মুকলি কৰে টীয়কৰ বিশিষ্ট ব্যৱসায়ী ৰবীন ভুঞাই।মণ্ডল সমন্বয়ক দিগন্ত শইকীয়াই আঁতধৰা এই অনুষ্ঠানত পূব যোৰহাট শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মৃন্ময় গোস্বামী,খণ্ড ব্যৱস্থাপনা প্ৰণালী সমন্বয়ক পলাশ জ্যোতি দত্তৰ লগতে বলমা ‘ক’ মণ্ডলৰ সমূহ শিক্ষক শিক্ষয়ত্ৰী বিশেষভাৱে উপস্থিত থাকি সহযোগিতা আগবঢ়াই।ইপিনে জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে ব্যতিক্ৰমভাৱে এইদৰে ব্যৱসায়িক প্ৰতিষ্ঠানত গ্ৰন্থদান পাত্ৰ সংস্থাপনৰ জড়িয়তে সমগ্ৰ অঞ্চলতে এক কিতাপ পঢ়াৰ পৰিবেশ গঢ়ি তুলিব বুলি উপস্থিত সকলোৱে আশা প্ৰকাশ কৰে আৰু এই পাত্ৰ অৰ্নিদিষ্ট কাললৈকে স্থাপন কৰা হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে।