ধুবুৰী স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মধাহ্ন ভোজনৰ চাউল চুৰিৰ ঘটনাই।ধুবুৰীৰ গোলকগঞ্জৰ বুৰীৰ মাৰাই ২২৭ নং টুমপাৰা এল পি স্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে চাউল অভিযোগ।

0

ধুবুৰীৰ গোলকগঞ্জৰ বুৰীৰ মাৰাই ২২৭ নং টুমপাৰা এল পি স্কুলৰ প্ৰধান শিক্ষকৰ
বিৰুদ্ধে চাউল অভিযোগ।

ধুবুৰী জিলাৰ গোলকগঞ্জ শিক্ষা খণ্ডৰ অন্তৰ্গত বুৰীৰ মাৰাই গাওঁৰ ২২৭ নং টুমপাৰা এল পি স্কুলৰ প্ৰধান শিক্ষক নাজিমুল হক নামৰ শিক্ষকগৰাকীয়ে শিক্ষাৰ দৰে পবিত্ৰ বৃত্তিক লজ্জানত কৰিলে কন কন স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মধাহ্ন ভোজনৰ চাউল চুৰিৰ ঘটনাই।

যোৱা ২৫/৫/২০২৪ ইং তাৰিখে হাসদহ সমবায় সমিতিৰ পৰা ৭ কুইন্টল ৭৭ কেজি চাউল উঠাইছিল বিদ্যালয় খনৰ প্ৰধান শিক্ষক নাজিমুল হকে ৷

ইয়াৰে ৩ কুইন্টল ৫০ কেজি চাউল বিদ্যালয়ত আনিলে আৰু বাকী ৪ কুইন্টল ২৭ কেজি চাউল চুৰি কৰি বিক্ৰী কৰিলে প্ৰধান শিক্ষকগৰাকীয়ে।

আনহাতে বিদ্যালয় পৰিচালনা সমিতিয়ে চাউলৰ হিচাপ বিচৰাত সদস্য সকলৰ লগত কাজিয়া হয় শিক্ষক গৰাকীয়ে।

আৰু ঘটনা সন্দৰ্ভত বিদ্যালয় পৰিচালনা সমিতিয়ে স্কুলখনৰ প্ৰধান শিক্ষক নাজিমুল হকৰ বিৰুদ্ধে বালাজান আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

পিছত আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ তদন্ত কৰি চাউল খিনি জব্দ কৰে।

Leave A Reply

Your email address will not be published.