ধুবুৰীত বাংলাদেশলৈ গৰু সৰবৰাহৰ বাবে চোৰাং সৰবৰাহকাৰীৰ নতুন কৌশল।
ধুবুৰীত বাংলাদেশলৈ গৰু সৰবৰাহৰ বাবে চোৰাং সৰবৰাহকাৰীৰ নতুন কৌশল। ধুবুৰী জিলাৰ গোলকগঞ্জ গংগাধৰ নৈৰ পানী বৃদ্ধি হোৱাৰ লগে লগে চোৰাং গৰু সৰবৰাহকাৰীয়ে ব্যবহাৰ কৰে নদী পথ। আজি পুৱতি নিশা গোলকগঞ্জ থানাৰ আৰক্ষীয় জব্দ কৰে গৰু ভৰ্তি নাওঁ । পুৱা স্থানীয় মাছমৰীয়াই কানুৰী প্ৰথম খণ্ডৰ ঘাটপাৰ শ্মশানত গৰু ভৰ্তি নাওঁখন প্ৰত্যক্ষ কৰি খৱৰ দিয়ে গোলকগঞ্জ আৰক্ষীক । গোলকগঞ্জ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নাওঁখনৰ পৰা ৯ টাকৈ গৰু উদ্ধাৰ কৰে। উল্লেখ্য যে চোৰাং গৰু সৰবৰাহকাৰীয়ে নিত্য নতুন কৌশল অৱলম্বন কৰি যিকোনো উপায়েৰে বাংলাদেশলৈ গৰু সৰবৰাহ অব্যাহত ৰাখিছে।