ধুবুৰী জিলাৰ আগমনীৰ বিভিন্ন স্থানত কৃত্ৰিম বানৰ তাণ্ডৱ।
ধুবুৰী জিলাৰ আগমনীৰ বিভিন্ন স্থানত কৃত্ৰিম বানৰ তাণ্ডৱ। কৃত্ৰিম বানৰ বাবে সাধাৰণ ৰাইজে ভুগিব লগীয়া হৈছে যমৰ যাতনা। সমগ্ৰ ৰাজ্যৰ লগতে আগমনীৰ বিভিন্ন অঞ্চলত দেখা গৈছে কৃত্ৰিম বানৰ তাণ্ডৱ। যোৱা ১২ ঘন্টা ধৰি ধাৰাষাৰ বৃষ্টিপাতৰ ফলত অঞ্চলতোৰ কেইবাখনো চৰকাৰী কাৰ্যালয়ৰ লগতে কেইবাখনো গাঁও কৃত্ৰিম বানৰ কৱলত। বিশেষকৈ আগমনী পশু চিকিৎসালয়, আগমনী BEEO কাৰ্যালয়কে ধৰি বহুকেইটা কাৰ্যালয় ধাৰাসাৰ বৰষুণৰ ফলত পানীত ডুব যোৱা পৰিলক্ষিত হৈছে। আনহাতে অঞ্চলটোৰ ৰাইজে বছৰ বছৰ বছৰ ধৰি কৃত্ৰিম বানৰ বাবে যমৰ যাতনাত ভুগিব লগা হৈছে যদিও কোনো কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ।