ডিগবৈ পেঙেৰী পথত নিশা অঘটন ।
ডিগবৈ পেঙেৰী পথত নিশা অঘটন । পেঙেৰীৰ বনাঞ্চলৰ মাজৰ পথত এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে আগুছি ধৰিলে এখন এম্বুলেন্স। জৰুৰীকালীন সেৱাৰ চাইৰেনেও পথৰ পৰা তলত নমাব নোৱাৰিলে বনৰীয়া হাতীক। প্ৰায় এক ঘণ্টা সময় ৰৈ থাকিব লগা হোৱাত সময় মতে নাপালেগৈ চিকিৎসালয়ত । ১৫ মিনিটৰ সলনি চিকিৎসালয় পাওঁতে সময় লাগিল ১ ঘণ্টা। চিকিৎসালয় পোৱা লগে লগেই মৃত্যু হ’ল ৰোগী গৰাকীৰ ।