বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কলিয়াবৰ জিলা আমছুৰ।
বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কলিয়াবৰ জিলা আমছুৰ।
আজি পুৱাই কলিয়াবৰৰ বৰঘুলী, ভূৰবন্ধা, ভগামুখ আদি অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয় কলিয়াবৰ জিলা আমছুৰ এটি সজাতে দলে। কলিয়াবৰ জিলা আমছুৰ সভাপতি ৰকিবুল হুদা ফৰাজিয়ে বানত ঘৰ-বাৰী হেৰুৱা লোকৰ লগত মত-বিনিময় কৰি জিলা প্ৰশাসন তথা চৰকাৰক সু দৃষ্টি দিবলৈ আহ্বান জনায়। চৰকাৰে যি সমূহ এলেকাত বান সাহায্য আগবঢ়াইছে সেইয়া পৰ্যাপ্ত পৰিমাণৰ নহয় বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। সংখ্যালঘূ অধ্যুষিত অঞ্চল হোৱাৰ বাবেই চৰকাৰে গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপন কৰে কলিয়াবৰ জিলা আমছুৱে।আনফালে দুই বছৰ পূৰ্বে নিৰ্মাণ কৰা মথাউৰীৰ কামত ঠিকাদাৰে গাফিলতি কৰাৰ ফলত যিকোনো সময়তে পানী বাঢ়ি আহিলে মথাউৰি ছিঙি নিয়াৰ আশংকাই দেখা দিছে, গতিকে বিভাগীয় বিষয়া সকলে সোনকালেই মথাউৰী মেৰামতি কৰি দিয়াৰ দাবী আমছুৰ। চাউল-দালিৰ বাহিৰেও পৰ্যাপ্ত পৰিমাণৰ বান সাহায্য শিশু খাদ্য আৰু আৰু পশু খাদ্যও যোগান ধৰিবলৈ চৰকাৰক দাবী জনায় আমছুৱে