কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পত হাহাঁকাৰ পৰিস্থিতি ।
কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পত হাহাঁকাৰ পৰিস্থিতি । ৩৯ জনকৈ প্ৰকল্প সুৰক্ষা কৰ্মীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাকলৈ হৈছে সৃষ্টি হৈছে এনে পৰিস্থিতিৰ । লেঙেৰীস্থিত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ কাৰ্যালয়ৰ সন্মুখতে পৰিয়ালসহ প্ৰতিবাদ সাব্যস্ত কৰিছে বহিষ্কৃত সুৰক্ষা কৰ্মীয়ে । ৩০ জুনৰ পৰা অব্যাহত ৰাখিছে এই প্ৰতিবাদি কাৰ্য্যসুচী । উল্লেখযোগ্য যে ২০০৮ চনতে বিজুলী ভৱনৰ CSO ৰ পৰা নিযুক্তি লাভ কৰিছিল এই প্ৰশিক্ষন প্ৰাপ্ত সুৰক্ষা কৰ্মীসকলে। বিগত ১৭ বছৰে অতি কম দৰমহাৰ বিনিময়ত বহু কষ্টৰে নিজৰ কৰ্তব্য পালন কৰি অহাৰ পাছত যোৱা ৩০ জুন ২০২৪ তাৰিখে তেওঁলোকক চাকৰিৰ পৰা বহিস্কাৰ কৰি নতুনকৈ একাংশ যুৱকক নিযুক্তি দিবলৈ প্ৰচেষ্টা হাতত লৈছে NESS নামৰ কোম্পানীয়ে। ফলত এই সুৰক্ষা কৰ্মীসকলৰ মাজত এক প্ৰকাৰ হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিভাগীয় কৰ্তৃপক্ষই এই সমস্যা সমাধান নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে।