পদব্ৰজে কেদাৰনাথ ধাম দৰ্শনৰ ইচ্ছা দুই যুৱকৰ।
পদব্ৰজে কেদাৰনাথ ধাম দৰ্শনৰ ইচ্ছা দুই যুৱকৰ। যোৰহাটৰ দুই যুৱক ক্ৰমে ভাস্কৰ জ্যোতি কলিতা আৰু মাধুৰ্য বৰাই খোজ কাঢ়িয়েই আৰম্ভ কৰিছে যাত্ৰা। যোৰহাটৰ পৰা যাত্ৰা আৰম্ভ কৰি ৬ টা দিনৰ অন্তত তেওঁলোক দুয়ো শনিবাৰে উপস্থিত হয়হি নগাঁৱত। প্ৰদূষণ মুক্ত সমাজ গঢ়াৰ উদ্দেশ্যই তেওঁলোক দুয়োয়েই পদব্ৰজে আৰম্ভ কৰিছে যাত্ৰা। প্ৰায় ৫ ৰ পৰা ৬ মাহৰ অন্তত তেওঁলোক দুয়ো উপস্থিত হবগৈ কেদাৰনাথ ধামত।