শিঙাৰপাক, তাৰাঙ্গাপুৰ বেলতলী চ’ৰ আদিকে ধৰি প্ৰায় অধিকাংশ গাৱ পানীৰ তলত।

0

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল কৈ ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চ’ৰ শিঙাৰপাক, তাৰাঙ্গাপুৰ বেলতলী চ’ৰ আদিকে ধৰি প্ৰায় অধিকাংশ গাৱ পানীৰ তলত। ধীৰেৰচৰ তাৰংগাপুৰ গাঁৱ পঞ্চায়তৰ লগতে পুঠিমাৰী, হাতীপোতা, শালকোচা গাঁৱ পঞ্চায়তো অপৰিৱৰ্তিত বান পৰিস্থিতি। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তাণ্ডৱ চলোৱা এই সমূহ অঞ্চলত ককবকাইছে বানাক্ৰান্তই। চৌদিশে কেবল পানী আৰু পানী, চাৰিওফালে কেৱল সমুদ্ৰ সদৃশ পৰিৱেশ। এনে সাগৰ সদৃশ পৰিবেশৰ মাজত জীৱন কটাইছে বানাক্ৰান্তই। ইফালে চৰকাৰে পশু খাদ্যৰ ব্যৱস্থা কৰিছে যদিও আজি লৈ পশু খাদ্য লাভ কৰা নাই বেলতলি চ’ৰৰ বানাক্ৰান্তই। পশুধনৰ বাবে পশু খাদ্য বিচৰাৰ লগতে বৰষুণ পৰা ৰক্ষা পাবলৈ তিৰফালৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ।

Leave A Reply

Your email address will not be published.