সন্ধান দিওঁতালৈ ১০ হাজাৰ টকাৰ পুৰস্কাৰ ।

0

সন্ধান দিওঁতালৈ ১০ হাজাৰ টকাৰ পুৰস্কাৰ । পত্নীক হেৰুৱাই দিশহাৰা এগৰাকী স্বামী। পৰকীয়া প্ৰেমে ধ্বংস কৰিলে এখন সুখৰ সংসাৰ । খুলশালীয়েকক লৈ পলাল ভিনিহী
ঘটনা ৰূপহীহাটৰ। ৰূপহীহাটৰ কাঠপাৰাৰ চফিকুল ইছলাম নামৰ ব্যক্তিজনে পত্নীসহ সাতমাহ পূৰ্বে কৰ্ম সংস্থাপন বিচাৰি গৈছিল কেৰালালৈ। পত্নীসহ কেৰেলালৈ যোৱা চফিকুলৰ সৈতে গৈছিল ভিনিহিয়েক ফৰিদুল। কেৰেলাত গিৰিয়কৰ সৈতে কাম কৰিবলৈ গৈ সন্তানসহ ভিনিহীৰ সৈতে পলায় গল পত্নী। ফৰিদুলে কামৰ সুযোগ বুজি চফিকুলৰ পত্নী তথা নিজ খুলশালিয়েকক পৰকীয়া প্ৰেমৰ জালত পেলাই অৱশেষত লৈ পলায়ন কৰে ফৰিদুলে। প্ৰত্যেক দিনাৰ দৰে গিৰিয়েক চফিকুল ইছলামে পত্নী ঘৰত থৈ ওলাই যায় কামলৈ। সকলো ঠিকে ঠাকে চলি আছিল,এখন সুখৰ সংসাৰ আছিল চফিকুলৰ। পিছে বিধিয়ে দিলেও বিধাতাই নিদিয়ে। চফিকুলৰ সুখৰ সংসাৰৰ কোপ দৃষ্টি পৰিল ভিনি ফৰিদুলৰ। বহিঃৰাজ্য কেৰেলাৰ পৰা খুলশালীয়েকক লৈ অন্তঃধান ভিনিহী ফৰিদুল। কামৰ সন্ধানত যোৱা কেৰেলাৰ ইৰেনাকুলাম জিলাৰ পালেং ঘাটত কাম কৰি জীৱন নিৰ্বাহ কৰি থকা চফীকুলৰ জীৱনলৈ অন্ধকাৰ নমাই পত্নীয়ে নগদ ১লাখ৩০হাজাৰ টকা লৈ পলায়ন  কৰাৰ অভিযোগ পত্নী আৰু ফৰিদুলৰ বিৰুদ্ধে। আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত কেৰেলা আৰু ৰূপহী থানাত জাননী দিয়ে স্বামী চফীকুল ইছলামে। যদিও কোনো সদাশয় ব্যক্তিয়ে সম্ভেদ দিব পাৰে তেন্তে 6900496594 অথবা 9365009726 নম্বৰত যোগাযোগ কৰি লাভ কৰক ১০হাজাৰ টকাৰ পুৰস্কাৰ।

Leave A Reply

Your email address will not be published.