হোজাইত মাটিৰ দালালৰ বিৰুদ্ধে সংবাদমেল এগৰাকী ভুক্তভোগীৰ।
হোজাইত মাটিৰ দালালৰ বিৰুদ্ধে সংবাদমেল এগৰাকী ভুক্তভোগীৰ। প্ৰদীপ চৌহান নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে সংবাদমেল আয়োজন কৰিলে লালবিহাৰী গুপ্তা নামৰ এজন লোকে। প্ৰদীপ চৌহান নামৰ ব্যক্তিজনে লালবিহাৰী গুপ্তাৰ হোজাই ৰাজহ চক্ৰৰ অধীনৰ ৰামপুৰ কিছামতৰ ১বিঘা ৩ কঠা ১০ লেছা মাটি জালিয়াতিৰে নিজৰ নামত পঞ্জীয়ন কৰি লোৱাৰ অভিযোগ উত্থাপন কৰি সংবাদমেল আয়োজন কৰিলে। পোনপ্ৰথমে ভুক্তভোগী লালবিহাৰী গুপ্তাই প্ৰদীপ চৌহানক মাটিখিনি ৰক্ষণাবেক্ষণ দিয়াৰ বাবে আমমুক্তাৰ নামা প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত ধৃত প্ৰদীপ চৌহানে লালবিহাৰী গুপ্তাৰ সৰলতাৰ সুযোগ লৈ জালিয়াতিৰে নিজ নামত মাটিখিনি পঞ্জীয়ন কৰায় লয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী লালবিহাৰী গুপ্তাই পঞ্জীয়ন খাৰিজ কৰাৰ বাবে চক্ৰ বিষয়াৰ কাৰ্যালয়ত আবেদন কৰাৰ উপৰিও হোজাই আৰক্ষীত গোচৰ তৰিছে প্ৰদীপ চৌহানৰ বিৰুদ্ধে। হোজাই ৰাজহ চক্ৰৰ কাৰ্যালয়ত একাংশ লাট মণ্ডলৰ সৈতে মিলি বহু ঠাইত এনেদৰে মাটিৰ জালিয়াতি কৰাৰ অভিযোগ প্ৰদীপ চৌহানৰ বিৰুদ্ধে। উল্লেখ্য ধৃত প্ৰদীপ চৌহানে পূৰ্বেও লালবিহাৰী গুপ্তাৰ ভাতৃ অশোক গুপ্তাক মাটি সন্দৰ্ভত মাৰ পিত কৰাৰ অভিযোগ। এই সন্দৰ্ভত ইতিমধ্যে হোজাই থানাত গোচৰো দিয়া হৈছিল প্ৰদীপ চৌহানৰ বিৰুদ্ধে। অৱশেষত প্ৰশাসনৰ পৰা ন্যায় বিচাৰ বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপে ভুক্তভোগী লালবিহাৰী গুপ্তা আৰু তেওঁৰ পৰিয়ালে।