চাপৰত এদল ছাত্ৰ ছাত্ৰীৰ প্ৰসংনীয় পদক্ষেপ।
চাপৰত এদল ছাত্ৰ ছাত্ৰীৰ প্ৰসংনীয় পদক্ষেপ। ৰাজ্যত বান পৰিস্থিতি সামান্য উন্নত হ’বলৈ ধৰিছে যদিও আজিও জলমগ্ন হৈ আছে চাপৰ’ৰ বিভিন্ন অঞ্চল। দিনেক দিনে বৃদ্ধি পাবলৈ ধৰিছে বানপীড়িত লোকৰ সমস্যা। এফালে বানপানীয়ে খেতি পথাৰ ধ্বংস কৰিছে আনফালে উটুৱাই নিজে একাংশৰ সপোনৰ ঘৰখন।
আনফালে “গৰাখহনীয়া”। তেনে পৰিস্থিতিত বন্যাৰ্তৰ কাষত থিয় দিছে চাপৰ’ৰ এদল শিক্ষাৰ্থী।
খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ কৰিব লগা বন্যাৰ্তক Social Soldiers নামেৰে পৰিচিত হোৱা চাপৰ’ৰ এই সকল শিক্ষাৰ্থী সকলে চলাই গৈছে Ambitious Social Foundation নামৰ এটি NGO. এই NGO ৰ উদ্যোগত ৰাইজৰ লগতে চাপৰ আৰক্ষীৰ পূৰ্ণ সহায় সহযোগিতা লৈ বন্যাৰ্তৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী। মানুহে মানুহৰ বাবে কথাষাৰিকে মূল মন্ত্ৰ হিচাপে লৈ আগুৱাই গৈছে চাপৰ’ৰ এই সকল শিক্ষাৰ্থী। সমাজৰ প্ৰতি এওঁলোকৰ এনে দায়বদ্ধতা আৰু সচেতনতাক ভূয়সী প্ৰশংসা কৰিছে সচেতন মহলে।