গোলকগঞ্জৰ এটা জৰাজীৰ্ণ পথে জলা-কলা খোৱাইছে গঞা-ৰাইজক।
গোলকগঞ্জৰ এটা জৰাজীৰ্ণ পথে জলা-কলা খোৱাইছে গঞা-ৰাইজক। ৰাইজে ৰাস্তাত কঠিয়া ৰুই বিধায়ক আব্দুছ ছোবাহান সৰকাৰ মুৰ্দাবাদ ধ্বনি দি সাব্যস্ত কৰিলে প্ৰতিবাদ । প্ৰায় ৬ খনকৈ গাঁৱৰ ৰাইজে এই ৰাস্তাৰে বহু বছৰ ধৰি যাতায়াত কৰি আছে যদিও পথটোৰ জৰাজীৰ্ণ হোৱাৰ বাবে জিয়াতু ভুগিছে ৰাইজে। আনহাতে পথটোৰ নিৰ্মাণৰ বাবে স্থানীয় বিধায়কক বাৰে বাৰে আবেদন নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বিধায়কগৰাকীয়ে ফলত উপায়ন্তৰ হৈ পথৰ বোকাত কঠিয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে ৰাইজে।ৰাইজক স্থানীয় বিধায়কগৰাকীয়ে পথটো নিৰ্মাণ কৰি দিয়াৰ বহুবাৰ আশ্বাস দিয়ে যদিও আজিলৈকে পথচোৱা মেৰামতি কৰিব পৰা নাই। ফলত আব্দুছ ছোবাহান আলী সৰকাৰ মূৰ্দাবাদ, স্থানীয় বিধায়ক হায় হায় ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে।