লামডিংত ৰেল শ্ৰমিক সংগঠনৰ প্ৰতিবাদ।
লামডিংত ৰেল শ্ৰমিক সংগঠনৰ প্ৰতিবাদ। প্ৰাপ্য পেঞ্চনক লৈ ৰেল শ্ৰমিকৰ প্ৰতিবাদী কাৰ্যসূচী। যি সময়ত মন্ত্ৰী বিধায়ক সকলৰ দৰমহা বৃদ্ধিৰ পৰিকল্পনা চলি আছে তেনে সময়তে নিজৰ প্ৰাপ্য পেঞ্চনক লৈ লামডিংত ৰেল শ্ৰমিক সংগঠন প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে। নতুন পেন্সন স্কিম ( NPS) আৰু বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত উত্তাল কৰি তোলে ৰেল শ্ৰমিক সংগঠনটো। যদি মন্ত্ৰী বিধায়ক সকলে পুৰণি পেন্সন লাভ কৰাৰ লগতে নিজৰ দৰমহা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে তেন্তে কিয় ৬০ বছৰ চাকৰী কৰাৰ পিছতো পুৰণি পেন্সনৰ পৰা বঞ্চিত থাকিব বুলি মন্তব্য কৰে ৰেল শ্ৰমিক সংঘঠনটোৱে