গৌৰীপুৰত নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাতৰ পিছতেই দেহ ব্যৱসায়ৰ লগত জড়িত মূল মাষ্টাৰ মাইণ্ড গৌৰীপুৰ আৰক্ষীৰ জালত।

0

গৌৰীপুৰত নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাতৰ পিছতেই দেহ ব্যৱসায়ৰ লগত জড়িত মূল মাষ্টাৰ মাইণ্ড গৌৰীপুৰ আৰক্ষীৰ জালত। ধুবুৰীৰ পানবাৰীত নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত ৰাইজৰ। গৌৰীপুৰৰ পানবাৰীত ৰাইজে আটক কৰিলে কেইবাজনো দেহ ব্যৱসায়ৰ লগত জড়িত মহিলাসহ পুৰুষ। গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পানবাৰীত জেল হক আৰু ছফিউৰ ৰহমান ওৰফে ছফিৰ ঘৰত তেওঁৰ পত্নী জয়নৱ বিবিৰ নেতৃত্বত দীৰ্ঘ দিনৰ পৰা চলি আছিল নাৰী দেহ ব্যৱসায়। স্থানীয় ৰাইজে বহুবাৰ বিৰোধ কৰাৰ পিছতো এই অবৈধ ব্যৱসায় চলাই গৈছিল পৰিয়ালটোৱে। কিন্তু অৱশেষত ৰাইজ অতিষ্ঠ হৈ গোপন খবৰৰ ভিত্তিত ছয়গৰাকী মহিলাসহ পাঁচজন পুৰুষ আটক কৰিবলৈ সক্ষম হয়। উত্তেজিত ৰাইজে নাৰী দেহ ব্যৱসায় ঘাটিৰ ঘৰ দুৱাৰ আজবাহ ভাঙি চুৰমাৰ কৰাৰ লগতে বিচনা পত্ৰ জ্বলাই দিয়ে। পিছত গৌৰীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজ প্ৰতিবাদ সাব্যস্ত কৰি নাৰী দেহ ব্যৱসায় বন্ধ কৰক জেল হক আৰু ছফিউৰ ৰাহমানক শাস্তি প্ৰদানৰ দাবী জনায়। গৌৰীপুৰ আৰক্ষীয়ে নাৰী দেহ ব্যৱসায়ৰ লগত অভিযুক্তক আটক কৰি থানালৈ লৈ যায়।

Leave A Reply

Your email address will not be published.