ডিগবৈত মেগা চিত্ৰাঙ্কণ প্ৰতিযোগিতা সম্পন্ন
ডিগবৈত মেগা চিত্ৰাঙ্কণ প্ৰতিযোগিতা সম্পন্ন
সামাজিক, সাংস্কৃতিক, শিক্ষা আৰু ক্ৰীড়া উন্নয়নৰ এক স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াস ৰ উদ্যোগত ডিগবৈ বন সংমণ্ডলৰ সহযোগত ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ত স্বৰ্গীয় টেপুৰাম বৰুৱা আৰু তৰুলতা বৰুৱা সোঁৱৰণী মেগা চিত্ৰাঙ্কণ প্ৰতিযোগিতা খনি আজি অনুষ্ঠিত হৈ যায় । প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ খনি শুভ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে বিশিষ্ট শিক্ষাবিদ অনিল চন্দ্ৰ শইকীয়া, ডিগবৈ বনাঞ্চলিক বিষয়া চুমি দেউৰী, বিশিষ্ট যুৱ ব্যৱসায়ী বিৰাজ ৰাজকোঁৱৰ, ৰাষ্ট্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ ৰিতেশ কুমাৰ মৌৰ্য, অৰুণ কুমাৰ শৰ্মা, মৃদুল কলিতা, বিশিষ্ট চিত্ৰশিল্পী পাৰ্থ সাৰথি দত্ত , নীতা দাস দত্ত আদিয়ে অংশগ্ৰহণ কৰে। প্ৰয়াসৰ সাধাৰণ সম্পাদক মনোৰঞ্জন দাসে আঁত ধৰা অনুষ্ঠানত প্ৰয়াসৰ সভাপতি ৰমনি বুঢ়াগোহাঁই, বুবু গগৈ, বিজয় সুত্ৰধৰ আদি উপস্থিত থাকে। অহা ২১ জুলাইত দিনৰ দুই বজাত এ অ চি লেবাৰ ইউনিয়ন সভাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে বঁটা বিতৰণী অনুষ্ঠান আয়োজন কৰা হৈছে বুলি প্ৰয়াসৰ সাধাৰণ সম্পাদক মনোৰঞ্জন দাসে জানিব দিয়ে।