মুখ্যমন্ত্ৰী,জিলা উপায়ুক্ত কাৰোলৈকে ভয় নকৰা এগৰাকী চিকিৎসক।
মুখ্যমন্ত্ৰী,জিলা উপায়ুক্ত কাৰোলৈকে ভয় নকৰা এগৰাকী চিকিৎসক। দীঘলীয়া শাৰি পাতি ৰৈ থাকে ৰোগী পিছে ডাক্তৰ থাকে ব্যক্তিগত চেম্বাৰত বহি। যিগৰাকীয়ে চিকিৎসালয়ৰ পৰিবৰ্তে ৰোগী চোৱাত ব্যস্ত থাকে ব্যক্তিগত চেম্বাৰত। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো কেৰেপ নকৰা এগৰাকী চৰকাৰী চিকিৎসক । পুৱা ৮ বজাৰ বিপৰীতে ১০ বজাৰ পাছত হে চিকিৎসালয়ত উপস্থিত হয় চিকিৎসক কৰ্মচাৰী ৷ ঘটনা হোজাই জিলাৰ যমুনামুখ ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ। চিকিৎসালয়খনৰ চিকিৎসক এফ.এ.আহমেদৰ বিৰুদ্ধে সময়মতে চিকিৎসালয়ত উপস্থিত নথকাৰ অভিযোগ চিকিৎসা কৰাবলৈ অহা ৰোগীৰ। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চিকিৎসকে ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিয়াৰ পাছতো নিজৰ মইমতালিৰে চলি আছে হোজাই জিলাৰ যমুনামুখ প্রাথমিক ক্ষুদ্ৰ স্বাস্থকেন্দ্ৰত কৰ্মৰত চিকিৎসক কিম্বা কৰ্মচাৰী। চৰকাৰী নিয়ম অনুসৰি, পুৱা ৮.৩০ বজাৰ পৰা চিকিৎসালয়ত ৰোগী চাব লাগে যদিও ১০ বজালৈ ডাক্তৰ এফ.এ.আহমেদে নিজৰ চেম্বাৰত ৰোগী চোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। লগতে চিকিৎসালয়খনৰ ঔষধালয় আৰু প্ৰেচক্ৰিপচন সকলো ক্ষেত্ৰতে লেহেমীয়া বুলি অভিযোগ কৰে ৰোগীয়ে। সেয়েহে ৰোগীৰ লগতে ৰাইজৰ দাবী মুখ্যমন্ত্ৰীগৰাকীয়ে অতি সোনকালেই এইসকল চিকিৎসক আৰু কৰ্মচাৰী বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰি ৰাইজৰ সমস্যা সমূহ সমাধান কৰিবলৈ অনুৰোধ জনায় ।