ধুলাৰ টাংনী বজাৰত কদৰ্য্যময় ৰূপ ।

0

ধুলাৰ টাংনী বজাৰত কদৰ্য্যময় ৰূপ ।

বোকাময় পৰিৱেশৰ মাজত মাছ বিক্ৰী ক্ৰেতা বিক্ৰেতাৰ মাজত হাহাকাৰ ।

মহলদাৰৰ বিৰুদ্ধে ক্ষোভ মৎস্য বিক্ৰেতাৰ

দৰঙৰ ধুলাৰ টাংনী বজাৰত সৃষ্টি হৈছে বোকাময় পৰিস্থিতি । বজাৰ নহয় যেন কঠিয়া ৰোৱা পথাৰ হে । কিছুদিন ধৰি চলি থকা বৰষুণৰ ফলত পানী জমা হৈ বজাৰ খনত সৃষ্টি হৈছে বোকাময় পৰিৱেশৰ । যমৰ যাতনাত ভুগিছে মৎস্য বিক্ৰেতা সকলে। বিক্ৰী কৰিব পৰা নাই মাছ । কিছুমানে মৰণৰ ভয় ত্যাগ কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বহি কৰিবলগীয়া হৈছে মাছ । বছৰি চৰকাৰক লাখ লাখ টকা ৰাজহ আদায় দিয়া বজাৰ খনৰ উন্নয়নৰ প্ৰতি কোনো গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ । যাৰ পৰিণতিত এজাক বৰষুণতেই বজাৰত একাঠু পানী জমা হৈ সৃষ্টি হয় বোকাময় পৰিবেশৰ । দুৰ্গোদ্ধ আৰু বোকাৰ মাজত ক্ৰয় বিক্ৰয় কৰিছে মাছ । মৎস্য বিক্ৰেতাৰ পৰা ৬০ ৰ পৰা ১০০ টকাকৈ মহলদাৰে খাজনা সংগ্ৰহ কৰে যদিও মাছ বজাৰ খনৰ কোনো উন্নয়নমূলক কাম নকৰাৰ অভিযোগ । উল্লেখ্য যে , বজাৰ খনত বোকাময় পৰিৱেশৰ বাবে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বহে হাট বজাৰ । যাৰ ফলত যিকোনো মূহুৰ্তত সংঘটিত হ’ব পাৰে অঘটন । শীঘ্ৰে বজাৰ খনৰ বোকা পৰিষ্কাৰ আৰু মাটি পেলায় ওখ কৰি বেচা কিনাৰ সুবিধা কৰিবলৈ দাবী জনাইছে মৎস্য বিক্ৰেতা সকলে ।

Leave A Reply

Your email address will not be published.