পুনৰ চৰ্চাত বিতৰ্কিত ভিক্টৰ দাস,
পুনৰ চৰ্চাত বিতৰ্কিত ভিক্টৰ দাস, নিচাত মাতাল হৈ ভিক্টৰ দাসে হাজোত ভাঙিলে গাড়ী,
নিচাৰ ৰাগিত পথেৰে চলাচল কৰা বাহন সমূহ আগভেটি ধৰি কেইবাখনো বাহনৰ গৰাকীক মাৰপিট কৰে ভিক্টৰ দাসে। দদৰাৰ-পচৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এই ঘটনা । ইমানতে ক্ষান্ত নাথাকি অৰ্ধ উলংগ হৈ এগৰাকী আৰক্ষী বিষয়াকো বেয়াকৈ প্ৰহাৰ মাতাল ভিক্টৰ দাসে। ঘটনাৰ পাছতেই দদৰা আৰক্ষী চকীত ভূক্তভোগীয়ে দাখিল কৰিছে তিনিখনকৈ এজাহৰ । এজাহাৰ লাভ কৰাৰ পিছত দদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰ্জুন তালুকদাৰ সহ দুজনীয়া আৰক্ষীৰ দলে ভিক্টৰ দাসক সোধ-পোচৰ বাবে থানালৈ মাতিবলৈ যোৱাত আৰক্ষী বিষয়া অৰ্জুন তালুকদাৰকো বেয়াকৈ মাৰধৰ কৰে মাতাল ভিক্টৰ দাসে । ইয়াৰ পিছতে শেহতীয়াকৈ নিশা কামৰূপ আৰক্ষীয়ে অভিযান চলাই ভিক্টৰ দাসক দদৰাৰ বাসগৃহৰ পৰা আটক কৰা লগতে সম্প্ৰতি হাজো আৰক্ষী থানাৰ আলহী হৈছে ভিক্টৰ দাস।