ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৩নং ৰজাপুখুৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুই ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ |
ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৩নং ৰজাপুখুৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুই ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ | ৰজাপুখুৰীৰ এজন লোকৰ ঘৰৰ ধানৰ ডুলিত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি ৷ গুৱাহাটীৰ পৰা অহা SPEACIAL TASK FORCE উৰিয়ামঘাট আৰক্ষী, B ছেক্টৰৰ CRPF আৰু ধনশিৰি মহকুমা আৰক্ষী প্ৰশাসনৰ অভিযানত উদ্ধাৰ হৈছে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি ৷ দুটা বস্তাৰ ভিতৰত ভৰাই লুকুৱাই থৈছিল ড্ৰাগছখিনি । জব্দকৃত ড্ৰাগছখিনিৰ ওজন প্ৰায় ১কেজি ৭৪৯ গ্ৰাম । ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১৫ কোটি টকাৰ বুলি জানিব দিয়ে আৰক্ষীয়ে । গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ নাম চহিদুল ইছলাম ,অলিউলা হুছেইন ওৰফে অলি ৷ আনহাতে গ্ৰেপ্তাৰ কৰা দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে ৷