দেশত এতিয়া চৰ্চা কেৱল অনন্ত আম্বানীৰ বিয়া। পিছে তাৰ মাজতেই বাঢ়িছে সাধাৰণ জনতাৰ বোজা।

0

দেশত এতিয়া চৰ্চা কেৱল অনন্ত আম্বানীৰ বিয়া। দেশী বিদেশী তাৰকাৰে ভৰিছে আম্বানীৰ বিয়াঘৰৰ ৰভা। পিছে তাৰ মাজতেই বাঢ়িছে সাধাৰণ জনতাৰ বোজা। ঠিকেই বোজা বাঢ়িছে সাধাৰণ জনতাৰ।বজাৰত শাক পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্য বৃদ্ধিয়ে জুৰুলা কৰিছে জনতাক। সতেজ সতেজ সেউজীয়া শাক পাচলিৰে ভৰি পৰিছে বজাৰ। কিন্তু দাম শুনি থমকছে গ্ৰাহক,কাৰণ বাজেট নিমিলে পুৰ্বতে ১০০টকাত ভৰি পৰা মোনাটো এতিয়া ৫০০ টকাৰ বজাৰতো নভৰে। আগৰ সস্তীয়া শাক পাচলি এতিয়া মহঙা হ’ল যাৰ বাবে চিন্তিত এতিয়া সাধাৰণ জনতা। পিছে সাধাৰণ জনতাই চিন্তা কৰিলে হ’ব কি, অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্য বৃদ্ধি প্ৰভাৱ পৰা নাই ৰজাঘৰীয়া পাকঘৰত,সেয়ে সকলো নিমাত। যি এতিয়া হিন্দি বোলছবি সেই সংলাপটোৰ দৰে হৈছে….অপনা কাম বনতা তৌ ভাৰ মে জাওঁ জনতা।

Leave A Reply

Your email address will not be published.