বাঢ়িলে বাঢ়ক আলু পিয়াঁজৰ দাম। আলুৰ সলনি আমি কঁঠাল গুটিক খাম।

0

বাঢ়িলে বাঢ়ক আলু পিয়াঁজৰ দাম।
আলুৰ সলনি আমি কঁঠাল গুটিক খাম।

কাৰণ বজাৰত দাম বাঢ়িছে আলু পিয়াঁজৰ ।

পিছে দাম বাঢ়িছে বুলি ৰাইজেহে কৈছে।

বিভাগীয় মন্ত্ৰীয়ে কিন্তু গমেই নাপায় বজাৰত বস্তুৰ দাম বাঢ়িছে।

শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি বিভাগীয় মন্ত্ৰীয়ে নিৰ্দেশ দিছে।
ব্যৱস্থা গ্ৰহন কৰক অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে।
পিছে সাধাৰণ ৰাইজেহে বুজিছে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যত জুই লাগিছে।

নালাগিব বা কিয়, কাৰন অসমত অসমীয়াই জানো খেতি কৰে।
ৰাইজে বেছিকৈ খাইছে সেয়ে বস্তুৰ দাম বাঢ়িছে। পিছে এই কথা আকৌ আমি কোৱা নাই, কেতিয়াবা মুল্য বৃদ্ধি প্ৰসঙ্গত কোনোবা মন্ত্ৰী বিধায়কহে কৈছে। সেয়েহে কওঁ যোগান মন্ত্ৰী ডাঙৰীয়া শীত-তাপ নিয়ন্ত্ৰিত কোঠা এৰক।নিজে বজাৰলৈ এবাৰ আঁহক । তেতিয়াহে বুজিব বজাৰত মুল্য বৃদ্ধি অৱস্থা।

Leave A Reply

Your email address will not be published.