অসমীয়াত এষাৰ কথা আছে, এশ গৰু মাৰিলে বাঘৰ মৰণ

0

অসমীয়াত এষাৰ কথা আছে,
এশ গৰু মাৰিলে বাঘৰ মৰণ,

এতিয়া তেনেকুৱাই অৱস্থা হৈছে একাংশ বিজেপিৰ মন্ত্ৰী বিধায়কৰ।

নিৰ্বাচনৰ সময়ত ৰাইজক মিছা প্ৰতিশ্ৰুতিৰে
ডাঙৰ ডাঙৰ সপোন দেখুৱাৰ ফল ভুগিছে
এতিয়া একাংশ মন্ত্ৰী বিধায়কে।

তেনে ফল ভুগিবলগীয়া হৈছে এতিয়া কৰিমগঞ্জৰ বিজেপি বিধায়ক কমলাক্ষ দে পুৰকায়স্থই।

কাছাৰৰ কাটিগড়াত ভাৰত বাংলাদেশ সীমান্তৰ বিকল শ্লুইছ গেট পৰিদৰ্শনৰ বাবে উপস্থিত হৈছিল মন্ত্ৰী পিয়ুষ হাজৰিকা।
মন্ত্ৰীৰ লগে লগে ছাঁটোৰ দৰে লগতে আছিল কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ।

কিন্তু পুৰকায়স্থৰ দিন বেয়া, শনিবাৰে মন্ত্ৰীৰ লগত যোৱা বিধায়ক কমলাক্ষৰ শণি লাগিল।
মন্ত্ৰী পিযুষ হাজৰিকাৰ শ্লুইছ গেট পৰিদৰ্শনৰ সময়তেই লগত কমলাক্ষক দেখি হঠাৎ কাটিগড়াৰ স্থানীয় বিজেপি কৰ্মীসকলে আৰম্ভ কৰে প্ৰতিবাদ

মন্ত্ৰীৰ সন্মুখতেই কমলাক্ষ দে go back, কমলাক্ষ দে মুৰ্দাবাদ ধ্বনি দি পৰিবেশ উত্তাল বিজেপি কৰ্মীৰ।

পিছে উত্তেজিত বিজেপি কৰ্মীসকল ইয়াতেই শান্ত নাথাকিল।মন্ত্ৰী পিযুষ হাজৰিকাৰ সম্মুখত বিধায়ক কমলাক্ষ দিলে পহুখেদা ।

আনহাতে ঘটনাক কেন্দ্ৰ কৰি কাটিগড়াৰ স্থানীয় বিজেপি কৰ্মী আৰু বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ সমৰ্থকৰ মাজত সৃষ্টি হয় সংঘাতৰ আৰু পৰিস্থিতি বেয়া দেখি জলসম্পদ বিভাগৰ বিষয়াৰ গাড়ীত উঠি পলায়ন কৰে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ।

Leave A Reply

Your email address will not be published.