কাছাৰৰ চেকাৰচামত আতঙ্ক l

0

কাছাৰৰ চেকাৰচামত আতঙ্ক l

জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাত ভুগিছে চেকাৰচামবাসী।

ভয় শংকাত জীয়াই থাকিব লগা হৈছে চেকাৰচামবাসী ৰাইজ ।

গাঁওত থকা ৰাইজে নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অঞ্চলটোত এটা স্থায়ী সীমান্ত আউটপোষ্ট স্থাপনৰ বাবে দাবী জিলা উপায়ুক্তলৈ।

উল্লেখ্য ,২০০৩ চনত মাৰ ডিমাছাৰ সংঘাতৰ কাছাৰ জিলাৰ চেকাৰচাম মেটনাটল গাঁৱত মাৰ উগ্ৰপন্থীয়ে ৩১ জন লোকক হত্যা কৰিছিল।

শেহতীয়াকৈ মণিপুৰ ৰাজ্যৰ মণিপুৰী আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষই বৰ্তমান অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।
স্থানীয় লোকে জনোৱা মতে, এসপ্তাহ পূৰ্বে এই অঞ্চলত নিশাৰ আন্ধাৰত কুকি উগ্ৰপন্থীয়ে শূণ্যত গুলীচালনা কৰিছিল। ইতিমধ্যে চুবুৰীয়া গংগাপুৰ অঞ্চলৰ পৰা আৰক্ষীয়ে তিনিজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষত তিনিজন উগ্ৰপন্থীক হত্যা কৰাৰ ঘটনাত সম্প্ৰতি স্থানীয় ৰাইজে আতংকিত হৈ পৰিছে।
ৰাতি বহু লোকে ঘৰৰ পৰা ওলাই ওচৰৰ বনত ৰাতি কটাবলগীয়া হৈছে।

Leave A Reply

Your email address will not be published.