ড্ৰাগছৰ বিৰুদ্ধে পূৰ্বতকৈ কঠোৰ হৈছে মৈৰাবাৰী আৰক্ষী
ড্ৰাগছৰ বিৰুদ্ধে পূৰ্বতকৈ কঠোৰ হৈছে মৈৰাবাৰী আৰক্ষী। মৈৰাবাৰী ৰেলৱে কলনীৰ পৰা দৌৰাই দৌৰাই ধৰিলে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক।
আজি সন্ধিয়া মৈৰাবাৰী ৰেলৱে কলনীৰ পৰা আৰক্ষীৰ এটা অভিযানকাৰী দলে চাৰিটা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ আটক কৰে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক।
ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে বৰথল কছাৰী গাঁৱৰ মুস্তাফিজুৰ ৰহমান আৰু হাতীমূৰীয়া গাঁৱৰ আনোৱাৰ হুছেইন।
দুয়োকে ইতিমধ্যে মৈৰাবাৰী আৰক্ষী থানাত জেৰা আৰম্ভ কৰিছে আৰক্ষীয়ে।