নগাঁওবাসীৰ বাবে সুখবৰ
নগাঁওবাসীৰ বাবে সুখবৰ ।
শনি আৰু দেওবাৰে গুৱাহাটীৰ এপল’ হাস্পতালৰ তিনিগৰাকীকৈ বিশেষজ্ঞ চিকিৎসক উপস্থিত থাকিব নগাঁৱত । ২০ জুলাই অৰ্থাৎ শনিবাৰে নগাঁও চহৰৰ ড৹ হিউজ ৰোডৰ আল্ট্ৰালেব চেণ্টাৰত উপস্থিত থাকে বুকু আৰু হাওঁফাওঁ ৰ ৰোগ বিশেষজ্ঞ ডাঃ সুস্মিতা চৌধুৰী । শনিবাৰে পুৱা ১০.৩০ মিনিটত গুৱাহাটীৰ পৰা নগাঁৱত উপস্থিতহোৱা ডাঃ সুস্মিতা চৌধুৰীক সম্বৰ্দ্ধনা জনায় আল্ট্ৰা লেবৰ মূৰব্বী দ্বয় ডা: জগন্নাথ আৰু প্ৰবীন দেৱ নাথে। Apollo হস্পতালৰ জেষ্ঠ্য সহায়ক মুন শইকীয়া আৰু অৰুন দাস উপস্থিত থাকি স্পাইৰ’মেট্ৰি ৰ বিনামূলীয়া পৰীক্ষাৰ ব্যৱস্থা কৰে। বৰ্তমান সমাজত শিশু আৰু মহিলাৰ বুকু আৰু হাওঁফাওঁৰ ৰোগৰ বাবে জলবায়ুৰ লগতে খাদ্যৰ যথেষ্ট প্ৰভাৱ পৰে বুলি প্ৰকাশ কৰে বুকু আৰু হাওঁফাওঁ ৰ ৰোগ বিশেষজ্ঞ ডাঃ সুস্মিতা চৌধুৰী য়ে।
একেদৰে ২১ জুলাইত একে স্থানতে উপস্থিত থাকিব হৃদৰোগ বিশেষজ্ঞ ডাঃ ঋতুপৰ্ণ বৰুৱা আৰু ২১ জুলাইতে নগাঁৱৰ ডিউ কেয়াৰ হাস্পতালত উপস্থিত থাকিব স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ চামিম আহমেদ । এই তিনিগৰাকী চিকিৎসকৰ সাক্ষাতৰ বাবে যোগাযোগ কৰিব পাৰে নিম্নলিখিত ফোন নম্বৰত ।
☎️ 7086022907
উল্লেখযোগ্য যে প্ৰতিদিনে এটি বিশেষ পৰীক্ষা বিনামূলীয়াকৈ কৰাৰ ব্যৱস্থা কৰিছে এপল’ হস্পতালৰ জেষ্ঠ্য সহায়ক মুন শইকীয়াই।