নগাঁও আৰক্ষীৰ বৃহৎ সাফল্য
নগাঁও আৰক্ষীৰ বৃহৎ সাফল্য।
ছাইবাৰ ক্ৰামৰ লগত জড়িত পাঁচ অপৰাধীক গ্ৰেপ্তাৰ ।
নগাঁও উপ-আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়া নেতৃত্বত নগাঁও আৰক্ষীয়ে চলাইছিল অভিযান ।
ছাইবাৰ ক্ৰমৰ লগত জড়িত অপৰাধী কেইটা হ’ল- চাহিন শ্বাহ আলম , নুৰুল ইছলাম শ্বেখ , ফুৰকাণ আলি, আকাশ খাৰ্গে আৰু আদিল শ্বেখ ।
ইয়াৰে আকাশ খাৰ্গে আৰু আদিল শ্বেখৰ ঘৰ মহাৰাষ্ট্ৰত, চাহিন শ্বাহ আলম আৰু নুৰূল ইছলাম ঘৰ বৰপেটা আৰু ফুৰ্কান আলিৰ ঘৰ নগাঁও জিলাৰ কচুৱাত বুলি জানিব পৰা গৈছে।
চক্ৰটোৱে বিভিন্ন বেংক একাউণ্ট হেক কৰি ধন আত্মসাতৰ ঘটনা সংঘটিত কৰি আহিছিল ।
ধৃত অপৰাধী চক্ৰটোৰ পৰা পাঁচটা মবাইলফোন , কেইবাখনো বেংকৰ ATM কাৰ্ড আৰু কিছু মবাইল চিমকাৰ্ড জব্দ কৰে ।
অপৰাধী চক্ৰটোৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে নগাঁও সদৰ থানাত ৭০৭/২০২৪ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।