পলাশবাৰীত পকী পথ নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতি

0

পলাশবাৰীত পকী পথ নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতি।

পলাশবাৰীত পকী পথ নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতি।

৬২ লাখটকীয়া পকীপথ নিৰ্মাণত সংঘটিত হৈছে দুৰ্নীতি।

নিৰ্মাণ সম্পূৰ্ণ নোহওতেই খহিল লোকনিৰ্মান বিভাগৰ পকীপথ৷
আপুনি নিজেই প্ৰত্যক্ষ কৰক এইদৰেই খহিছে এই পথটো৷

পথটো নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ১০/০৫/২০২৩ ইং তাৰিখে ৷ কিন্তু কাম সম্পূৰ্ণ নোহোৱাৰ আগতেই এইদৰে খহিল পথটোৰ বৃহৎ অংশ৷
জানিব পৰামতে মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আচনিৰ অধিনত লোকনিৰ্মান বিভাগে পলাশবাৰী সমষ্টিৰ বাটৰহাটৰ পৰা হকৰাপাৰালৈ ৭৫০মিটাৰ দীঘল পকীপথ নিৰ্মাণৰ বাবে আচনি হাতত লয়৷ এই পথটো নিৰ্মাণৰ বাবে সীমান্ত কুমাৰ দাসক ৬২লাখ টকাৰ ঠিকা আৱন্টন দিয়ে৷

ঠিকাদাৰে বিগত মে মাহত কাম আৰম্ভ কৰে যদিও নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ আগতেই এইদৰে পথটোৰ বহু ঠাইত এইদৰে খহি যোৱা পৰিলক্ষিত হৈছে৷ ঠিকাদাৰজনে সকলো নীতি নিয়ম জলাঞ্জলি দি নিম্নমানৰ কাম কৰাৰ বাবেই এইদৰে পথটো খহি যোৱাৰ অভিযোগ ৰাইজৰ৷

Leave A Reply

Your email address will not be published.