শাওঁন কেৱল এটা মাহেই নহয়,শাওঁন মানেই অসমীয়া চহা কৃষকৰ হেঁপাহ

0

শাওঁন মানেই অসমীয়া চহা কৃষকৰ হেঁপাহ শাওঁন কেৱল এটা মাহেই নহয়,

শাওঁন মানেই অসমীয়া চহা কৃষকৰ হেঁপাহ শাওঁন মানেই চহা কৃষকৰ আশা।

সেয়েহে শাওঁনৰ পথাৰত দেখা যায় অসমীয়া চহা কৃষকৰ ব্যস্ততা।

জাক জাক ৰাংঢালী ৰোৱনীৰ এমোকৰা হাঁহিয়ে জিলিকাই তুলিছে বোকাময় পথাৰ। এয়াই যেন ৰোৱনী আৰু কৃষকসকলৰ জীৱনৰ অন্য এক মাদকতা।
একাঠু পানী আৰু বোকাৰ মাজত সোমাই ভূঁই ৰুইছে ৰোৱনীজাকে । মনত আনন্দ আৰু উল্লাসেৰে গান গাই ৰুই গৈছে হেঁপাহৰ কঠিয়া।
এই দৃশ্য পশ্চিম গুৱাহাটীৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ৰাণীৰ আন্ধেৰীজুলি খেতিপথাৰৰ।

আঘোণ মাহত সোণগুটি চপাবলৈ হলে এই শাওন মাহতে পৰিকল্পনা ৰচিব লাগে অসমীয়া চহা কৃষকে,যাৰ বাবে শাওন মাহৰ প্ৰথম দিনটোৰ পৰাই কৃষক ৰাইজে আঘোণত সোণগুটি চপাবলৈ আৰম্ভ কৰে পৰিকল্পনা ।

ৰাণীৰ আন্ধেৰীজুলিৰ পথাৰত বহুসংখ্যক ৰোৱনী হালোৱাই প্ৰখৰ ৰ’দকো নেওচি শালি ধানৰ কঠীয়া তুলি ভূঁই ৰোৱাত ব্যস্ত।
আৰু এইদৰেই শাওণৰ পথাৰত ৰোৱনী আৰু কৃষকসকল নমাৰ লগে লগে যেন মেঘেও মাদল বজাইছে
নীলিম আকাশত।

সম্প্রতি সেউজীয়া হৈ পৰিছে আন্ধেৰীজুলি পথাৰ।
আশাৰ বতৰা লৈ মাটিৰ গোন্ধ থকা খেতিপথাৰত ভূঁই ৰুই ধাননি পথাৰ চিৰসেউজ কৰি তুলিবলৈ সংকল্প লৈছে এইসকল চহা কৃষকে। কিয়নো প্ৰকৃতিৰ চিৰাচৰিত নিয়মৰে শাওনৰ মাহ আৰম্ভ হোৱাৰ পিছত ৰাজ্যৰ খেতিপথাৰত বছৰটোৰ বাবে লখিমীক নিজ ঘৰলৈ যাতে নিব পাৰে সেই লক্ষ্যৰে কৃষক, ৰোৱনী সকল নামি পৰিছে কৃষি কৰ্মত।

Leave A Reply

Your email address will not be published.